ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন ০৭ ▪️▪️নবীন চন্দ্ৰ মেধি

@admin
0
নিৰ্মল কুমাৰ শৰ্মাই তেতিয়াও বিচনাতেই শুই আছিল । ৰাতি পুৱা হৈছিল যদিও উঠিবলৈ মন কৰা নাছিল । এনেতে ৰাজীৱৰ ফোন আহিল । 

: অ ছাৰ টকা কেইটা ঘুৰাই দিব লাগিছিল নহয় । মোৰো বিশেষ কাম এটা কৰিব লগা আছিল । 

: অ ৰাজীৱ , ৰ'বা ছোন দুদিন মান । টকা হাতলৈ এতিয়াও অহা নাই । মই বিচাৰি আছোঁ । পালে দি থৈ আহিম । 

: বাৰু হ'ব হ'ব , অলপ সোনকালে দিবলৈ চাব । 

: বাৰু  যিমান পাৰোঁ চেষ্টা কৰিম । 

সি ফোনটো কাটি থৈ বিচনাৰ পৰা নামি আহিল । বাহিৰলৈ গৈ মুখ হাত ধুই ল'লে আৰু চোতাললৈ চকী এখন উলিয়াই আনি বহি ল'লে । কিমান সহিব বুকুৰ বেদনা । অসম চৰকাৰৰ পাগলামীৰ বাবে হাজাৰ হাজাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ আজি এই অৱস্থা হৈছে । তেওঁৰ দৰে হাজাৰ হাজাৰ শিক্ষকৰ জীৱনলৈ ধুমুহা নামি আহিছে । কাবুলিৱালাৰ পৰা ধন ধাৰে লৈ সময়মতে সুদ মূল পৰিশোধ কৰিব নোৱাৰিলে ফোনৰ উপৰি ফোন আহিবলৈ ধৰে । সময় অসময়ৰ কথা নাই । কেতিয়াবা ৰাতিপুৱা শুই থাকোঁতেই মানুহ পাবহি আৰু কেতিয়াবা বিহুৰ দিনাই ধন বিচাৰি আহি পায়হি । সুদৰ বাবদ ধন ধাৰে লৈ সময়মতে সুদ দিব নোৱাৰিলে কথা শুনিব লগা অৱস্থা হয়গৈ । নিৰ্মল কুমাৰৰ বৰ বেয়া লাগে । ইমান পঢ়া শুনা কৰাৰ পাছতো জীৱিকা অৰ্জনৰ উপায় বিচাৰি উলিয়াব নোৱাৰিলে আৰু কেনেদৰে পাৰ কৰিব পাছৰ জীৱন ? নিৰ্মল কুমাৰৰ আজি দিনটো বেয়া হোৱাৰ দিশে অগ্ৰসৰ হৈছে । শনিবাৰৰ দিনাই ধন ঘুৰাই দিব লাগিছিল কিন্তু ক'তো বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল । নিজৰ হাতত ধন থকাহেঁতেন আজি পুৱাই আনৰ কথা শুনিব নালাগিলহেঁতেন । পাঁচ হাজাৰ টকাও যোগাৰ কৰিব পৰা নাই সি ! পোন্ধৰ বছৰে শিক্ষকতা কৰাৰ পিছত উত্তৰাধিকাৰী সুত্ৰে লাভ কৰা সম্পত্তি বিক্ৰী কৰি ধাৰ মাৰিব লগা হৈছে আজি । ধিক্কাৰ জন্মিল তেওঁৰ নিজৰ জীৱনৰ ওপৰত । 

নিৰ্মল কুমাৰৰ দুখ বুজা মানুহ কোনো নাই । ঘৈণীয়েক ডালিমীয়ে সান্ত্বনা দিবলৈ চেষ্টা কৰে যদিও মন অস্থিৰ হৈ পৰিছিল । বন্ধুবিহীন জীৱন । ধন নহ'লে বন্ধুৰ অভাৱ ঘটেই । হাতত ধন থাকিলে বন্ধুৰ অভাৱ নাই । বিপদৰ সময়ত যিকোনো প্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি অহা প্ৰকৃত বন্ধু বান্ধৱী হাজাৰত এজনৰ ভাগ্যত থাকে । কিন্তু তেওঁৰ বাবে লাখত এজন বিচাৰি উলিয়াব টান । সেয়ে সি আজিকালি কাকো গুৰুত্ব নিদিয়ে । সি কেৱল নিজকে চিনি পায় । নিজৰ কথা ভাৱে । নিজেই নিজৰ বন্ধু নিজেই নিজৰ শত্ৰু । 

আপুনি আপোন বন্ধু
আপুনি আপোন শত্ৰু 
আপুনি আপোন ৰাখে মাৰে । 

সঁচাই কথাষাৰ বিশ্বাস কৰিবলগীয়া । 

ৰাতিপুৱাৰ পৰাই মন বেয়া । ইফালে আজি খুলশালী ছোৱালী ( মাইকী মানুহৰ মোমায়েকৰ জীয়েক ) এজনীৰ শান্তি বিয়া । 
তাতে আকৌ বন্ধন গোটৰ সাপ্তাহিক কিস্তি আজিৰ তাৰিখতহে পৰিবলৈ পালে । কি কৰি বিয়া খাওঁ । কেনেকৈ মিটিং চলাও । উপায় বিহীন হৈ পৰিছিল সি । 

ভায়েকে টকা কেইটা নিদিয়াহেঁতেন আজি গোটৰ কিস্তি মাৰিবলৈ অসুবিধা হ'লহেঁতেন । বিগত দুমাহমান 
তাৰ সহায়ত চলি আছে বুলি ক'ব পাৰি । পোন্ধৰ আগষ্টলৈকে অপেক্ষা কৰি আছে । নহ'লে আন কিবা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)