তোমাৰ অবিহনে দেউতা▪️▪️দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
আঙুলিৰ মূৰত হিচাপ কৰি চালে
আজি এঘাৰ বছৰ পাৰ হৈ গ'ল
তুমি দূৰণিৰ দেশলৈ গুছি যোৱা 
বিষাদে আৱৰা মোৰ মনৰ আকাশ
অন্ধকাৰে বেৰি ধৰা জীৱন
তোমাৰ অবিহনে সকলোতে চোন উদাস উদাস লাগে।
তুমি মোৰ জীৱনৰ প্ৰতিটো
সপোনৰ আশা আছিলা
মোৰ সাহস হৈ আছিলা তুমি
তোমাৰ মৃত্যুয়ে সকলো সলনি কৰি পেলালে দেউতা 
তোমাৰ ছায়াও হেৰাই গ'ল
তোমাৰ আদৰো নোহোৱা হ'ল।
মৃত্যুৰ আগত  তুমি ডিমৌ জোপাৰ তলখন যে 
ৰোগীয়া শৰীৰে নিজে চাফ চিকুণ কৰিছিলা
আৰু যে কৈছিলা তুমি তাতে থাকিবা বুলি..!
তেতিয়া তোমাৰ কথা একো বুজি পোৱা নাছিলোঁ
কিন্তু এতিয়া সেই কথাবোৰে
বুকুখন বৰকৈ বিন্ধে দেউতা ।
তোমাক যিমান সময় পালোঁ
সেই সময়বোৰ এতিয়া যে
বিষাদৰ যন্ত্ৰণাদায়ক স্মৃতি 
তোমালৈ মোৰ বহুত খং উঠে
কিয় গুছি গলা দেউতা
তোমালৈ মোৰ বহুত অভিমান ভৰি আছে
বেয়া পাইছোঁ তোমাক দেউতা
নেদেখা অচিন দেশত তুমি
সদায় ভালে থাকিবা দেউতা
আশীৰ্বাদ কৰিবা দূৰণিৰ পৰাই
তোমাৰ অবিহনে দেউতা.... ।


✍️দিপশিখা ৰাজকোঁৱৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)