ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন ১০▪️নবীন চন্দ্ৰ মেধি

@admin
0
নিৰ্মল কুমাৰে বসবাস কৰা গাঁৱৰ নামঘৰত প্ৰতিবছৰে বুদ্ধ পূৰ্ণিমা তিথি উলহ মালহেৰে পালন কৰে  । দিনত বৰ সবাহ পাতে আৰু ৰাতিলৈ ভাওনা , পিছদিনাখন দিনৰ ভাগত আকৌ ভাওনা পাতে । মানে ৰাতিয়ে দিনে দুদিনীয়াকৈ ভাওনা সবাহ পাতে । ইয়াৰ উপৰিও প্ৰতিমাহে পূৰ্ণিমা তিথি পালন কৰা হয় । ভদীয়া নাম গোটেই মাহ জুৰি পালন কৰে । প্ৰত্যেক পূৰ্ণিমাৰ দিনা খেলৰ আঠ দহ ঘৰ সদস্যই পাল পাতি শৰাই দিয়ে । এশঘৰ সদস্যৰে সৈতে অঞ্চলটোৰ ভিতৰতে এটা বৃহৎ নামঘৰ । 

আগৰ বছৰৰ দৰে এই বছৰো নামঘৰত ভাদমহীয়া নাম লৈছে । ওচৰতে থাকিও সি নামঘৰলৈ পাক এটাকে মাৰিব পৰা নাই । সংসাৰৰ বাৰেকুৰি চিন্তা মূৰ পাতি ল'ব লগা হৈছে । নক'লেও নোৱাৰো ফটা মুখ ক'লেও লাগে ভকতৰ দোষ । সৰু কালতেই অলপ অচৰপ ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ আছিল যদিও এতিয়া সংসাৰৰ বোজা বহন কৰোঁতে কৰোঁতে ধৰ্ম বোলা বস্তু বিধ কেনিনো পলাই ফাট মাৰিলে ধৰিবকে নোৱাৰিলে । তথাপি ৰাইজৰ লগতে মাজে মাজে নামঘৰলৈ যায় । 

নিৰ্মলে ভদীয়া নামৰ শৰাইৰ পাল থকাৰ বাবে নামঘৰলৈ পাক মাৰিলে । নামঘৰলৈ গৈয়েই ভক্তসকলৰ লগতে চাহ তামোল খাই ভিতৰতে বহিছিল । সমাজত কিছু সময় বহিছিলহে মাথো এগৰাকী আদহীয়া ভকতে কথাৰ প্ৰসংগত আৰম্ভ কৰিলেই নহয় - 

: তোমালোকৰ বিদ্যালয়খন এতিয়াও চৰকাৰীকৰণ হোৱা নাই নেকি ? টিভিত দেখোন সদায়ে ধৰ্ণা দি থকাহে দেখা পাওঁ । শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিবা কৈছে নে নাই ? বহু বছৰ হ'ল নহয় । 

মিছলীয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাৰ লগে-লগে নিৰ্মল কুমাৰৰ টিঙিচকৰে খংটো উঠি আহিছিল । 

: পলৰীয়া হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিব নে ? বান্দৰ জাপ মাৰি থাকোঁতেই যাব । ইটো দলৰ পৰা সিটো দললৈ কিমান বগাই ফুৰিছে দেখিছে নহয় । কংগ্ৰেছৰ দিনত চাকৰি দিম বুলি মিছাকৈ কৈ এতিয়া মন্ত্ৰীসভা ত্যাগ কৰি বিজেপি দলৰ সদস্য হ'লহি । বিজেপি দলে  বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে তিনিমাহৰ ভিতৰতে চাকৰি দিম বুলি ফোপযহী কথা কৈছিল । এতিয়া ৰাজগাদী লাভ কৰাৰ পিছত  তিনি বছৰ পাৰ হৈ গ'ল । সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰ গঠন হ'ল । হিমন্ত বিশ্ব শৰ্মাই নিজে শিক্ষা , স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী পদত থাকিও আজিলৈকে একো কৰিব নোৱাৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ওপৰত মানে টেটুত শিক্ষা বিভাগৰ দায়িত্ব অৰ্পন কৰি নিজে দায় সাৰিলে । কিমান ধৰ্ণা দিব । সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ  গঁড়ৰ ছালৰ দৰে টান মনটো ইমান সহজে ফুটা কৰা টান বুলি নিজে কৰা মন্তব্য শুনি শিক্ষকতা কৰাৰ বাবে নিজৰেই ধিক্কাৰ জন্মিছিল ।

 এইখন চৰকাৰে কথাৰ ফুলজাৰি মৰাৰ বাদে একো কাম নকৰে । এইখন চৰকাৰে  পোন্ধৰ বছৰ শাসন কৰা কংগ্ৰেছ চৰকাৰক খেদি নতুনকৈ মৰ্চা চৰকাৰ গঠন কৰাৰ বাদে কিবা জানো পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ? নতুন পাত্ৰত পুৰণি পানী । বিজেপি চৰকাৰ নহয় যেন কংগ্ৰেছ দলৰ বি টিম । দুবছৰ পাৰ হৈ গ'ল যদিও একো পৰিবৰ্তন নহ'ল । দেশৰ উন্নতিৰ গুৰি ধৰোতা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা শিক্ষকসকলক যিখন চৰকাৰে গুৰুত্ব নিদিয়ে , সন্মান নকৰে , সেইখন পৰিবৰ্তনকামী চৰকাৰৰ প্ৰয়োজন কি ? শিক্ষক নিযুক্তিৰ নাম গোন্ধ নাই । আৰ্থিক সাহাৰ্য আগবঢ়োৱাটো বন্ধ কৰিলে । কিন্তু গাঁঠিৰ ধন ভাঙি কঠোৰ পৰিশ্ৰম কৰি শিক্ষকসকলক বহু দূৰৈৰ কোনোবা স্কুল কলেজত প্ৰাথমিক শিক্ষাৰ ডিপ্লমাৰ নামত শিক্ষক প্ৰশিক্ষণ ল'বলৈ যাবলৈ বাধ্য কৰালে । স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতো পুনৰবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০% নম্বৰ নোপোৱা শিক্ষকসকলক ইমান বছৰৰ পাছত আকৌ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰোৱালে । ইমান অভিজ্ঞ শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ পৰিবৰ্তে অপমানহে কৰিলে যেন অনুভৱ হয় । 

প্ৰথমতে শিক্ষকসকলৰ সমস্যা সমাধান কৰক । নহ'লে তেখেতসকলৰ পৰা উত্তম ফলাফল আশা কৰি লাভ নাই । পেটৰ ভোকতকৈ সন্মান ডাঙৰ কথা নহয় । হগাই চাৰ নে ৰজা চাৰ । প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথা কোৱাৰ কোনো সীমা নাই । মহাৰাজ যুধিষ্ঠিৰে এষাৰ অৰ্ধ সত্য কথা কোৱাৰ বাবেই নৰক দৰ্শন কৰিব লগা হৈছিল । আমাৰ বহুবল্কী মন্ত্ৰী গৰাকীয়ে বাৰ বাৰ নৰক দৰ্শন কৰিব লগা হ'ব । পাপৰ ফলতহে আমিও যেন মানুহৰ জীৱন লাভ কৰিছিলো এনে লাগে আজিকালি । তদুপৰি ভেঞ্চাৰ স্কুলৰ চাকৰি কৰাৰ মাদকতাই বেলেগ । ছাত্ৰ-ছাত্ৰী সকলৰ মোহ ত্যাগ কৰিবলৈও টান , আৰু আন কিবা কাম কৰিবলৈও অসুবিধা । গতিকে খাবলৈ নাপাই মৰি থাকিলেও চৰকাৰে উলটি নাচায় কাৰণ সকলো স্বাৰ্থপৰ । নিজৰ কাম সিদ্ধি হ'লে কাৰো উভতি চাবলৈ সময় নাথাকে । সকলোৱে অচিনাকী মানুহৰ দৰে আচৰণ কৰিবলৈ ধৰে । মানুহ সদায় খাই পাত ফলা স্বভাৱৰ হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)