কাৰুণ্য▪️চুমন ডেকা

Rinku Rajowar
0
পথাৰৰ মাজৰ পৰা 
কোনোবা আহিছে,
তেওঁ হেনো বনৰ দেৱতা।
 
দুৰণিৰ আকাশত তৰালীয়ে
দুহাত মেলি সিচি দিছে
সুগন্ধি হালধীয়া ধান।
 
আচৰিত সেই বন দেৱতাৰ
কোনো শৰীৰ নাই,
নাই দেৱ ভূষণ ।

তৰালী জাকৰ আমন্ত্ৰণত
বনৰ দেৱতা নামি আহিছিল 
সিদিনা, পথাৰৰ মাজত,
আইৰ সন্ধিয়াৰ সাজত।

✍️চুমন ডেকা
ঠিকনা: মঙলদৈ, দৰং (অসম)
দূৰভাষ: ৯৭০৭৭১৯৩৮৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)