মা এজনী মুকলি খোলা দুৱাৰ । যিয়ে নিজৰ আত্ম জাকক উলিয়াই পঠাই আনৰ ঘৰলৈ আৰু আদৰি লয় আনৰ জীক নিজৰ পোলৈ। কিন্তু হেই জী বা পোয়ে বুজি নাপায় মাৰ অনুভূতি কোন। মা এটা সদায় শুনি ভাল পোৱা সুৰীয়া সংগীত। কিমান কষ্ট ত্যাগ কৰি সন্তান এটা জনম দিয়া হয় । মৃত্যু মুখৰ পৰা উভতি অহাৰ পিছতো সেই সন্তানে বুজি নাপাই মাৰ অনুভূতি কন। মাৰ চাদৰৰ আঁচলত অঁকা থাকে হালধি তেলচিকতিৰ দাগ আৰু থাকে আধা পকা আধা কেঁচা চুলিৰ খোপাত আবেলিৰ সুভাষ।
সকলোৰে মা বিদেশ ফুৰিবলৈ নাপাই, নাজানে ইংৰাজী তথাপিও মা মোৰ চেনেহৰ সুগভীৰ সাগৰ । যাৰ কোলাত মোৰ থয় ৰপাহৰিব পাৰি জীৱন যুঁজৰ সমস্ত ভাগৰ । সেই জনিয়েই আই যাৰ দেশ ভাষা জাতি ভিন্ন হলেও অভিন্ন আইৰ চিৰন্তন সংজ্ঞা। আইৰ কোনো নিজা দুখ ভাগৰ নাইবা নোপোৱাৰ বেদনা । আই ধৈৰ্য সাহস সহ্য তাগ্য আৰু মমতাৰ জীৱন্ত প্ৰতিমা ।
সময় থাকোঁতে মাৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰিবলৈ শিকিলে সৰগত স্থান পাবা । মাক বৃদ্ধাশ্ৰমত নহয় হৃদয়ৰ নিস্তব্ধ কোণত নিজ জীৱনত স্থান দিয়া । ঠিক যিদৰে ভগবান গণেশে বিশ্বব্ৰহ্মাণ্ডৰ ভ্ৰমণ কৰিবলৈ কওঁতে নিজ পিতা মতাক দৰ্শন কৰিছিল । তুমিও সেই ঠাই দিয়া ।
মাক পুজিবলৈ বিশেষ দিন নালাগে । সদায় পূজা কৰা । মাৰ কাৰনে দিন নালাগে প্ৰতিটো দিনেই মাতৃ দিৱস উদযাপন কৰা।
✍️দৃলীনা দাস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ