ধাৰাবাহিক উপন্যাস-নাৰী দেহৰ ব্যৱসায় উৎখাত ০১•ধনমণি কোঁৱৰ

@admin
0
সময় তেতিয়া ৰাতিপুৱা ঘড়ীত ৫ বাজিছে।চৰাই-চিৰিকটিৰ কোমল মাতেৰে পূৱৰ আকাশত উদয় হোৱা ৰাংলি সূৰ্য্যৰে এটি নতুন দিনৰ আৰম্ভণি হৈছে। তেনেতে SI কনকলতাৰ টেবুলৰ landline টো বাজি উঠে
      : হেল্লৌ ৰতনপুৰ আৰক্ষী থানা। 
      : হয় ৰতনপুৰ আৰক্ষী থানা । আপুনি কোনে কলে?
      : মই প্ৰীতম বৰুৱা মেম । সোণাপুৰ গাওঁৰ পৰা কৈছো । 
      : হয় কওঁকচোন
      : আমাৰ সোনাপুৰ গাওঁৰ বৰ নামঘৰৰ পুখুৰিৰ পাৰত এটা মৃত দেহ পৰি আছে।
      : কি!
      : হয় মেম । আপুনি সোনকলে আহক ।
      : oK . আমি গৈ আছো । আমি গৈ নোপোৱালৈকে আপুনি তাতে থাকিব আৰু ডেদবদী টো কাৰুকে চুবলৈ নিদিব। ফৌনটো থয় কনকলতাই "চলিহা চলিহা "
      : হয় মেম। 
      : গাড়ী ৰেডি কৰক । এতিয়াই এঠাইলৈ যাব লাগিব। 
      : হব মেম কিন্তু কলৈ যাব মেম?
      : সোণাপুৰ গাওঁলৈ তাতে বৰ নামঘৰৰ পুখুৰিত এটা মৃত দেহ পৰি আছে হেনো। 
      : বলক তেতিয়া হলে । গাড়ী ৰেডি আছে। 
----- SI কনকলতা , বিক্ৰম চলিহা আৰু দুজন আৰক্ষী বিষয়া লৈ আৰক্ষীৰ গাড়ী ঘটনা স্থলীলৈ ঢাপলে।
      "প্ৰায় ৫:৩০ মান বজাত ঘটনা স্থলীত পুলিচ উপস্থিত হয়। পুলিচক দেখি প্ৰীতম আগবাঢ়ি আহে।।
       : নমষ্কাৰ মেম। মই প্ৰীতম বৰুৱা।। মইয়ে আপোনাক ফৌন কৰিছিলো। সৌটো পুখুৰীৰ মেটেকা খিনিত ডেদবদীটো পৰি আছে SI কনকলতাই মানুহৰ জুম ফালি আগবাঢ়ি দেখে ২২ বছৰীয়া মান এজন ডেকা লৰা পানীত পৰি আছে। 
       : চলিহা ডেদবদী টো পানীৰ পৰা তুলি আনি পোষ্টমৰ্টেমৰ বাবে পঠিওৱা ব্যৱস্থা কৰক। 
       : ok mam
       : মিষ্টাৰ প্ৰীতম বৰুৱা আপুনি মৃত ব্যক্তি জনক চিনি পাই নে?
       : নাই নাপাওঁ মেম।। 
       : লৰা জন এই গাওঁৰ নহয় নেকি?
       : নাই নহয়। 
       : চলিহা তেখতৰ জেপত চেক কৰকচোন কিবা identity পায় নেকি?
       : নাই মেম তেনে কোনো identity পোৱা নাই।
       : আশে-পাশে কিবা পাই নেকি চাওঁক চোন?
       : হব মেম । "অলপ সময় ইফালে - সিফালে বিচাৰ-খোচাৰ কৰোঁতে একো পোৱা নগল। সোধা-পোছা কৰাৰ পাছতো লৰা জনৰ একো তথ্য নাপালে। 
       : মিষ্টাৰ প্ৰীতম তোমাক ধন্যবাদ দিছো খবৰটো দিয়াৰ বাবে। প্ৰয়োজন হলে আপোনাক পুনৰ লগ কৰিম বুলি কৈ আৰক্ষী দলটো ডেদবদীটো লৈ থানালৈ আগবাঢ়ে।

------ গতিশীল সময় কালৈকো নৰয় ক্ৰমাৎ লাহে লাহে সন্ধিয়াই হৈ আহিছে। কিন্তু এতিয়ালৈকে কোনেও missing report লেখাহি নাই। এফালে নতুনকৈ join কৰিছোহে যদি ব্যক্তি জনৰ সন্ধান উলিয়াব নোৱাৰো কথাটো বেয়া হব যিহেতু থানাৰ কাষৰে গাওঁ। এফালে ৰ্মাদাৰ কেছ যদি কোনো missing report নেলেখাইহি ব্যক্তি জনৰ সন্ধান কেনেকৈ উলিয়াম আৰু যদি ব্যক্তি জনৰ সন্ধান উলিয়াব নোৱাৰো হত্যাকাৰীক কেনেকৈ ধৰিম এইবোৰ চিন্তাতে কনকলতাই বিভোৰ হৈ পৰিছে । তেনেতে হেড কনষ্টেবল চলিহাই মাত লগাই ।। 
       : বাইদেউ এইটো পোষ্টমৰ্টেমৰ ৰিপোৰ্ট ।
------ পোষ্টৰ্মটেমৰ ৰিৰ্পটো চাব লওঁতে এহাল দম্পতি কান্দি কান্দি থানাৰ ভিতৰলৈ সোমাই আহে। 
      : বাইদেউ বাইদেউ আমাৰ ছোৱালী জনীক বিছাৰি দিয়ক । 
      : প্ৰথমে আপোনালোকে বহি লওঁক চোন ।। (SI কনকলতাৰ টেবুলৰ আগত থকা চকীত দম্পতি হাল বহি)। 
      : বাইদেউ আমাৰ কনমাণি ছোৱালী জনী আজি দুপৰিয়াৰ পৰাই সন্ধানহীন ।
      : কি?
      : বাইদেউ আমাৰ ছোৱালী জনীক সেই দুষ্ট গেংগটোৱে উঠাই নিছে । যেনে-তেনে হলেও আমাৰ ছোৱালী জনীক উদ্ধাৰ কৰি দিয়ক। 
      : দুষ্ট গেংগ মানে। কথাবোৰ বিৱৰি কওঁকচোন?
      " উচুপি উচুপি মাতৃ গৰাকীয়ে কয় " শুনক তেন্তে মেম আজিৰ পৰা ১০ বছৰ আগৰ কথা আমাৰ গাওঁত ছোৱালী সন্তান জন্ম দিব নোৱাৰি । ছোৱালী সন্তান জন্ম হলেই আমাৰ পৰা কাঢ়ি লৈ যায়।
       : কি ! কিন্তু কোনে?
       : কেই জন মান লৰা মুখত কলা মাস্ক মাৰি আহে আৰু ৬/৭ বছৰীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি ২০ বছৰীয়া ছোৱালী বোৰৰ লৈকে ঘৰত কেইটা মান টকা দি লৈ যায় আৰু বাধা দিব বিছৰা জনক ধমকি দি বন্ধুক তোৱাই লৈ যায়। 
      : কি! " আপোনালোকে আইনৰ সহায় লব লাগিছিল। পুলিচৰ কাষ চাপিব লাগিছিল ।
      : আমি বহুত চেষ্টা কৰিলো বাইদেউ । পুলিচৰ কাষো চাপিছিলো কিন্তু সিহঁতৰ বিৰুদ্ধে যাবলে কাৰু সাহস নাই । সিহঁত কোনোবা ডাঙৰ মানুহৰ লগত মিল আছে । পুলিচে গেপ্তাৰ কৰিলেও ক্ষন্তেক পাছতে জেলৰ পৰা ওলাই আহে ।  
      : কথা সেইটো । 
      : "বাইদেউ আমাৰ ছোৱালী জনীক উভতাই দিব পাৰিব নে? আপোনাৰ সাহসিকতাৰ কথা শুনিছো । সেয়েহে আমি বহু আশা লৈ আপোনাৰ ওচৰলৈ আহিছো । পাৰিব নে বাইদেউ আমাৰ ছোৱালী জনীক উদ্ধাৰ কৰি দিবলে। 
      : নিশ্চয় পাৰিম । আপোনালোকে ভয় নকৰিব। ছোৱালী জনীৰ missing report লেখাই ছোৱালী জনীৰ ফটো এখন গাঁঠি ঘৰলৈ যাওঁক । ছোৱালী জনীৰ খবৰ পালে আপোনালোকক জনাম। 
     "দম্পতি হালে ছোৱালী জনীৰ missing report লেখাই ছোৱালী জনীৰ ফটো একুপি দি ঘৰলৈ আহিব লওঁতে কনকলতাই মাত লগাই।
      : এক মিনিট ৰব চোন। " চলিহা "ডেদবদীটোৰ ফটো কপি আনা চোন ।
     "চলিহাই ফটো কপি আনি কনকলতা বাইদেউক দিয়ে। 
      : বাৰু আপোনালোকে এই লৰা জনক চিনি পায় নেকি?
      : এইটো চোন ৰাহুল । ই আমাৰ গাওঁৰে লৰা। ইয়াৰ আকৌ কি হল?
      : ইয়াক কোনোবাই মাৰি সোণাপুৰ গাওঁৰ বৰ নামঘৰৰ পুখুৰিত পেলাই থৈ গৈছে । 
      : কি! কিন্তু কোনে?
      : নাজানো । কিন্তু অপৰাধী সোনকালেই ধৰা পৰিব। বাৰু এতিয়া আপোনালোকে গৈ থাকক ছোৱালী জনীৰ কিবা সন্ধান পালে আমি জনাম বাৰু।

  আগলৈ~~~~~~

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)