আবেলিৰ সুৱৰ্ণ আঁচল,
লহৰিৰ ফাঁকে-ফাঁকে
অমল হেঙুলৰ মাধুৰি ৰাগিণী তুলি
সেই সুৱৰ্ণ ৰ'দ ছাটি,
তাই যেন মোৰেই যৌৱনমতী।
চুলিবোৰ মেলিব ৰাতি
তাইৰ সুৱৰ্ণ আঁচল খুলি,
নীৰ হৈ জিলিকি উঠিব
তৰাৰ কঁপনিৰ ফাঁকত
লাজুকী চন্দ্ৰমা।
হৃদয়ৰ আৱৰণ খুলি
কবি মই থাকিম জাগি,
পূৰ্ণ আবেগেৰে স্বপ্নবিলাসী হৈ
অনন্ত কাললৈ,
তাইৰ অগাধ অপৰূপা
মনোহাৰিণীৰ মোহত।
সেই সুৱৰ্ণ তাৰাৱতী,
তাই যেন মোৰেই যৌৱনমতী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ