প্ৰতিনিয়ত
শংকাৰ কুনকুননি এটা শুনি শুনি
অৰণ্যখন জী আছে মৰি মৰি৷
যেন
সমস্ত অৰণ্যখনেই
মৃত্যুৰ প্ৰতিক্ষাত থকা
কচাইৰ সজাবন্দী৷
আচলতে
ধূৰ্ত কোন?
মানুহতকৈ
শিয়াল ভাল৷
শিয়ালে গছৰ গুৰিত
নবহায় দাঁত৷
পাহাৰ কাটি
নুচুবায় শিল৷
প্ৰিয় মানুহ,
প্ৰকৃতি অজেয়৷
অৰণ্য অৱিহনে
এদিন অমৃতসম হব
এটোপাল পানী
এধানি উশাহ
আৰু এমুঠি ভাত৷
বিজ্ঞাননো কি
বাওনাৰহে হাত৷
হে প্ৰিয় মানুহ,
অৰণ্য থাকোতে
আমি জিৰামনো কিয়
কেকটাছৰ ছাঁত....৷
কেকটাছৰ ছাঁত....৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ