মাটিৰ মানুহ•কল্পনা বৰা

Rinku Rajowar
0
এটি কবিতা লিখিবলৈ বহিলো
মোৰ জীয়া তেজৰ কবিতা
প্ৰাণৰ কবিতা।

অৰণ্যৰ মাজত গছপুলি ৰুই
সাৰ-পানী যোগান নিদিওঁ মই
মোৰ বাৰীৰ ঢাপতে এটি পুলি ৰুম।

ট্ৰেক্টৰেৰে মাটি চহাই
খেতি কৰাৰ ইচ্ছা মোৰ নাই
পাৰিলে পিতাইৰ হালখনকে ধৰিম;
পিতায়ে ক'ব পৰাকৈ "সি মোৰ বোপা" ।

জীৱনৰ জটিল অংকবোৰ কৰি কৰি
ভাগৰিব নোখোজো মই
এটি সৰল অংক কৰিম
য'ত যোগ-বিয়োগৰ কষ্ট নাথাকিব।

পোৱা-নোপাৱাৰ হিচাপ লৈ
আক্ষেপ নাই মোৰ
নোপোৱাবোৰকেই লৈ মই সুখেৰে হাঁহিম।

কেতিয়াবা মন গ'লে 
চৰাইজাকৰ স'তে খেলিম
অস্তমিত হেঙুলীয়া বেলিটিলৈ চাই
নৈপৰীয়া শীতল বতাহজাকক চুমি
এটি আবেলিত মই অকলশৰে বহিম।
চকুপানীৰে উঁৱলি যোৱা পাতবোৰ পেলাই দিম নৈখনৰ বুকুত,
একেবাৰে উটি যাব পৰাকৈ
মোৰ পৰা বহু দূৰলৈ... ।



✍️ কল্পনা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)