: কিয় সুধিলা ? জীয়াই থাকো যদি নিশ্চয় আহিম । কিজানি ৰাতিটো মানে হাতীটো । ভালে কুশলে থাকিলে আহিম বাৰু ।
অষ্টম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় ছুটিৰ সময়ত শৰ্মাছাৰক কথাষাৰ বৰ আগ্ৰহেৰে সুধিছিল । তেখেতে হঠাতে এক অনাকাংক্ষিত প্ৰত্তোত্তৰ দিছিল । ছাৰৰ প্ৰত্তোত্তৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৌনতাই বিৰাজ কৰিছিল । কথাষাৰ কিয় ক'লে তেখেতে পিছতহে বিবেচনা কৰি চালে । নিজকে বৰ দোষী দোষী অনুভৱ এটাই আমনি কৰিছিল । আচলতে জীৱনত একো এটা কৰিব নোৱাৰাৰ দু:খত কাতৰ হৈ পৰিছিল । তাৰ পিছত ছাৰে হাস্যবদনে ক'লে -
: মই নাহিলে তোমালোকে ভালপোৱা তাৰ মানে নহয়জানো ?
: নহয় ছাৰ । আপুনি নাহিলে আমাৰ বৰ বেয়া লাগে । আপুনি সদায় আহিব দেই ছাৰ । হেডছাৰ আৰু হিন্দী ছাৰ প্ৰায় নাহেই দেখোন । আপুনি নাহিলে আমাক ইংৰাজী কোনে পঢ়ুৱাব ?
ছাত্ৰ-ছাত্ৰী সকলৰ আব্দাৰ শুনি নিৰ্মল ছাৰৰ অন্তৰ জয় পৰি গৈছিল । কথাষাৰ মিছা নহয় । এখন বিদ্যালয়ত দুই তিনিজনকৈ শিক্ষক যদিহে নিয়মীয়াকৈ উপস্থিত নাথাকে তেন্তে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মে । তথাপি পেটৰ তাৰণাত মাজে মাজে বিদ্যালয় খতি কৰিব লগা হয় । ভেঞ্চাৰ স্কুলসমুহৰ শিক্ষকৰ মাজত এই প্ৰৱণতা বেছি । যিহেতু চৰকাৰৰ তৰফৰ পৰা একো সাহাৰ্য আগবঢ়োৱা নহয় সেয়ে নিজৰ পৰিয়াল চলাবলৈ মাজে সময়ে শিক্ষকসকলে বিদ্যালয় খতি কৰে । কিন্তু বিনা কাৰণত আৰু কাকো নজনোৱাকৈ বিদ্যালয় খতি কৰা স্বভাৱটো বৰ বেয়া ।
ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ গৃহ অভিমুখে ৰাওনা হৈছিল যদিও শৰ্মাছাৰে পুনৰ অফিচৰূমত বহি পৰিছিল । এনেদৰে আৰু কিমান দিন চলিব । সংসাৰ চলাবলৈ দেখোন বহুত অসুবিধা হৈ পৰিছে ।
কাইলৈ শনিবাৰ ।
ডি এল এডৰ নামভৰ্তি কৰাৰ সময়ত ৰাজীৱৰ পৰা পাঁচ হাজাৰ টকা ধাৰ কৰিছিল । তাকো এমাহৰ বাবে । দহ টকীয়া সুদত টকা ধাৰ কৰি ডি এল এডৰ নামভৰ্তি কৰিছিল। এতিয়া এমাহ পাৰ হৈ গ'ল । কাইলৈৰ ভিতৰত যেনেতেনে কৰি হ'লেও দিব লাগিব । ডি এল এডৰ দ্বিতীয় বৰ্ষৰ নামভৰ্তি সি নকৰো বুলিয়েই কৈছিল । ধাৰ ঋণ কৰি আৰু কিমান দিন চলিব । বিদ্যালয় প্ৰাদেশিকীকৰণ যদিহে কৰে তেন্তে ডি এল এডৰ নামভৰ্তি কৰণ নকৰিলে অসুবিধা হ'ব পাৰে বুলিহে তেখেতে ছয়হাজাৰ এশ টকা খৰচ কৰি নাম লগাইছিল । এতিয়া তাৰ প্ৰতিফল ভোগ কৰিব লগা হৈছে । কাইলৈৰ ভিতৰত ক'ৰ পৰা পাঁচ হাজাৰ টকা যোগাৰ কৰে ।
কেইদিনমানৰ আগতে গাঁৱৰে এজন ল'ৰাক দহ হাজাৰ টকাৰ কথা কৈ থৈছিল । সি দৰমহা পালে দিয়াৰ কথা কৈছিল । কিন্তু যেতিয়া দৰমহা পাইছিল তাৰ পিছত যাওঁতে ক'লে এল আই চিয়ে আটাইকেইটা ধন কাটিলে , প্ৰিমিয়াম দিব লগা আছিল । গতিকে নিৰুপায়।
হে ঈশ্বৰ , কাক বিশ্বাস কৰিম ? জুলাই মাহত এজন হস্তীতুল্য ব্যক্তিৰ ওচৰলৈ ধন ধাৰে বিচাৰি গৈছিল । কিন্তু হাতীয়ে খায় যিমান লাদে সিমান । গতিকে ধন বিচাৰি গৈ লাজ পালে মাত্ৰ । গাঁৱৰ কেইবাঘৰতো বিচাৰি চালে কিন্তু সি য'লৈকে যায় সাগৰো শুকায় মাণিকো লুকায় ।
এদিন মনৰ দুখত ফেচবুকত এনেদৰে কথাষাৰ লিখিলে -
জীয়াই থকাৰ মোহভঙ্গ ঘটিল । মৰি যাওঁ মৰি যাওঁ যেন লাগিছে ।
তাৰ পিছত আহিল কমেণ্টৰ বৰষুণ । মনক শান্তনা দিয়া বহুত বন্ধু ওলাল । গাঁৱৰ সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি শিক্ষক , অধ্যাপক , দাৰ্শনিক আদিৰো আগমন ঘটিল । ফেচবুকত লাইক আৰু কমেণ্ট কৰিলে ফোন নম্বৰ দিলে । প্ৰত্যেকেই সহায় কৰিবলৈ আগবাঢ়ি আহিল ।
অৱশ্যে সেয়া ফেচবুকত ।
এজনে কৈয়েই দিলে -
স্কুল বাদ দিয়া , কিবা এটা ব্যৱসায় কৰা । পুঁজিৰ যোগান মই ধৰিম ।
তেখেতৰ লাজ লাগিছিল । পুঁজিৰ অভাৱ দূৰ হ'ল বুলি ধৰি ল'লে ।
কিন্তু ফুটুকাৰ ফেন । ফেচবুকত ডাঙৰ ডাঙৰ কথা ক'লেই মানুহ ডাঙৰ নহয় । তেখেতে এতিয়া মৰ্মে মৰ্মে এই কথা উপলব্ধি কৰিছে ।
: ঘৰলৈ নাযাৱ নেকি ?
দেৱকান্তৰ মাতত তেখেতৰ যেন চিন্তাত আউল লাগিল । মধ্যবয়সীয়া পঞ্চাশ উৰ্দ্ধৰ দেৱকান্ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক । চাকৰি জীৱন শেষ হওঁ হওঁ । তথাপি দৰমহাৰ মুখ দেখা নাপালে । বেয়া লাগে দেখিলে । আগৰ সেই পেটুৱা পেটটো এতিয়া বেমাৰ আজাৰত খীনাই থাকিল । আগৰ লংপেণ্ট চাৰ্টবোৰ এতিয়া সৰু কৰি চিলাইহে পিন্ধিব লগা হৈছে ।
দেৱকান্ত এজন দবা খেলুৱৈ । নিৰ্মল কুমাৰ শৰ্মা ছাৰ আৰু দেৱকান্ত দুয়োজনেই দবা খেলি বৰ ভাল পায় । সময় পালেই দুয়ো সহকৰ্মীয়ে দবা খেলে । জিলা পৰ্যায়ৰ দবা খেলৰ লগতে আঞ্চলিক দবাখেলসমুহতো দুয়োজনে অংশ গ্ৰহণ কৰে । দুয়োজনেই পুৰস্কাৰ লাভ কৰিছে । আগতে দেৱকান্ত ছাৰে সদৌ অসম ভিত্তিত খেল খেলিবলৈ গৈছিল সেই অঞ্চলৰ আন কেইজনমান খেলুৱৈৰ সতে । এতিয়া নিৰ্মল ছাৰ যায় । গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি কেবাবাৰো আন্ত জিলা পৰ্যায়ৰ দবা খেল খেলিবলৈ সুবিধা পাইছে ছাৰে ।
( আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ