অভিমানী কলিটি-শতাব্দী শর্মা

©Admin
0
ফুলো নুফুলোকৈ
গোমোঠা মাৰি কিয় আছা?
মোৰ ফুলনিত তোমাৰ আগমনত 
মোৰ মন ব্যাকুল।
ফুলো নুফুলোকৈ কিয় 
মোলৈ কেৰাহীকৈ চাইছা?
মোৰ ফুলনিত তোমাৰ ৰূপ
চাবলৈ মোৰ মন আকুল। 
হ'ব দিয়া! তোমাৰ অভিমানৰ ওৰণিখন গুচোৱা। 
পখিলাজাকক বতৰা দিম তোমাৰ অভিমানৰ..... 
যাৰ বাবে তোমাৰ মন বলিয়া। 
অনুৰোধ তোমালৈ মোৰ সোণজনী, ফুলি উঠা ফুলনিৰ জ্যোতিদীপা হৈ কলিতেই নাযাবা বেজাৰত মৰহি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)