অ ----চকু অলপ লাগিছে ,
" মোৰহে দেখো ,চকু কেইটা জাপ নাখায় যে,
শুৱলৈ চেষ্টা কৰা ৰুণুমীৰ মাক ।"
" আজি আপোনাৰ ৰাহুলৰ বাবে এবাৰো মনত পৰা নাইনে ?
"নাই -- তাৰ বাবে মনত পেলাই কিয় মই কষ্ট দিম ।'
সঁচানে ---?
"কিয় মিছা হ'ব ---?
তাক অন্তৰৰ পৰা , তাৰ প্ৰতি থকা সকলো , এৰি দিব পৰা বাবেতো ,
তেজ্য পুত্ৰ কৰি দিব পাৰিছো ।"
" হেৰি আপোনাৰ মনত পৰেনে ? যেতিয়া ছোৱালী তিনিজনী জন্ম হোৱাৰ পিছত ল'ৰা সন্তানৰ বাবে ,কিমান বাৰ সত্ৰে , নামঘৰে আৰ্শীবাদ বিচাৰিছিলো ।"
বহুত অপেক্ষাৰ ফলত , ,
এই ৰাহুল জন্ম পোৱাৰ বাবে কিমান আনন্দ পাইছিলো আমি ----।"
"এবাৰ অনুভৱ কৰকচোন ?
" কি ---হ'বনো , তাৰ কথা ভাবি , সি নিজৰ মতে বিধবা এজনীৰ ছোৱালীকে বিচাৰি পালে , ঘৰখনত কোনো কিছু নোহোৱা , আছে বা কি ? জুপুৰী ঘৰটোৰ বাহিৰে সিহঁতৰ ?
"আমাৰ এই সা-সম্প্ৰতি বোৰ তিনিওজনী ছোৱালীৰ নামত লিখি দিছো , সি কেতিয়াও এই ঘৰত ভৰি দিব নোৱাৰে , মই থকালৈ -----।"
"ওঁহ আৰ নো---ৱা --ৰো ।"
" আপোনাৰ কি হ'লনো, মোৰ দেখো বুকুখন বৰকৈ বিষা--ই --ছে ঐ , অলপ পিহি দিয়াচোন ?
" ৰ'ব , ৰ'ব চাওঁ
"হেৰি আপোনাৰ মাতটো কি , হ'ল নো ?
"কোন , ক'ত আছ , আহচোন ।"
" ঐ জিতু চা , চোন কি হ'ল খুড়াৰ ।"
" ঐ ---- খুড়ী , খুড়াই নামাতে ,
" ফোন লগা , ফোন লগা ,মাজনী হঁতক মাত , লগতে ৰাহুলকো ---খবৰটো দে , সি আহক এবাৰ ।"
" মা দেউতাৰ কি হ'লনো ?
চা চোন কথা দেখো নকয় ,
কি ?
ঐ জিতু ব'ল মেডিকেললৈ লৈ যাওঁ ব'লা ।"
" অ মাজু খুড়া কি--- হৈছে দেউতাৰ --?
নাই মেডিকেললৈ নি ,লাভ নাই ।"
সি গ'লগৈ সকলো এৰি ,
"ৰাহুল তই কিয় আহিছ , ওলায় যা , বুলি কৈছো ওলা ,
" অ মাজনী বা ,এবাৰ দেউতাৰ মুখখন চাবলৈ দে বা ।"
" তোৰ বাবে আজি এই পৃথিৱীৰ বহুকষ্ট পালে দেউতাই , ইমান সোনকালে যাব লগা হ'ল ?
মোৰ ভুল হৈছে , সঁচাকৈ দুখীয়া ঘৰৰ ছোৱালী বোৱাৰী কৰি অনা বাবে ,
" এতিয়া নিজৰ ভুল স্বীকাৰ কৰিবলৈ লাজ লগা নাই ,
" এই ঝাৰু দেখিছ ?
ওলা বুলি কৈছো ওলায় যা ,
ঐ ৰুণুমী তাক নামাৰিবি , তাৰো দেউতা হয় ঐ
"ঐ খুড়া , আপুনি আমাৰ কথাত নামাতিব , তাক দেউতাই তেজ্য পুত্ৰ কৰিছে , আৰু তাক চিৰদিনৰ বাবে আমি হেৰুৱাই পেলাবলৈ বাধ্য হৈছো ।"
" এবাৰ দে ---উ -- তা -- ৰ ওচৰত যাবলৈ দিয়া মাজনী বা ।"
" আৰু মই কেতিয়াও এই ঘৰলৈ নাহো খুড়া ! কেৱল এ--বা ---ৰ
তই নাকান্দিবি চোন !
আহ , ভিতৰলৈ আহ
" দেউতা , ভৰি চুই কৈছো , মোক ক্ষমা কৰি দিবা ।"
" ৰাহুল , মোৰ বেটা ৰাহুল
মা ,
মা , সি তেজ্য পুত্ৰ হয় ,
ঐ হ'ব , হ'ব ওলা বুলি কৈছো ,
ঝাৰুৰে মোক নামাৰিবি মাজনী বা।
চকুলো টুকি , টুকি ঘৰৰ পৰা কোনেও নেদেখাকৈ খোজ ল'লে নিজে পতা ঘৰলৈ বুলি ।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ