কোনেও নিবিচৰা এখন পৃথিৱী , কিন্তু শান্তিৰ পৃথিৱী-পৰিস্মীতা কলিতা

©Admin
0
পশ্চিমীয়া দেশৰ অস্ত বেলিয়ে পূৱ দিশত ফেহুজালি দিছে। ৰʼদ কাঁচলি পুৱা , যোৱা নিশাৰ জুহালৰ ফুটছাঁইৰে দাঁতকেইটা মাজি এঘটি পানী লৈ পীৰালিত বহি ৰʼদ লৈছোঁ। দিনটোৰ আৰম্ভণি এবাতি ৰঙা চাহ লগতে এটুকুৰা গুৰৰ সৈতে। পাৰ কেইটাক চাউল এমুঠি দি ৰ'দ পৰা ঠাইখিনিলৈকে কিতাপ খন উলিয়াই আনি পাতবোৰ লুটিয়াইছো । বাটেৰে ধূনাৱলাবোৰ গৈছে। চাইকেলৰ পেডেলে এটা শব্দৰ সৃষ্টি কৰিছে । ৰʼদটো বৰ চোকা হৈ ওলাইছে , মুখ খন দেই-পুৰি গৈছে । ঘড়ীটোত সময়টো চালো আঠ বাজিবৰ হ'ল। লৰালৰিকৈ গাটো ধুই আহি স্কুলৰ সাজযোৰ পিন্ধিবলৈ ল‌ওঁতেই মায়ে চৰুত বঢ়াই থৈ যোৱা চাউল কেইটা এবাৰ লৰাই ওফন্দি আহি পৰিবলৈ লোৱা ঢৌকন খন আঁতৰাই কাপোৰ পিন্ধাত লাগিলো। মায়ে আঞ্জাত তেল মাৰিবলৈ বাৰীৰ পৰা পিয়াঁজৰ পাত দুটামান আনিবলৈ গৈছিল। সপ্তাহৰ শেষ দিন হোৱাৰ বাবে সাপ্তাহিক হাটৰ পৰা অনা পিয়াঁজ আৰু মিঠিগুটি শেষ হৈছিলগৈ। বিছনাৰ কেঠা কেইখন মায়ে ৰʼদলৈ উলিয়াই দিবলৈ কোৱাত তাঁৰ ডালত মেলি এপলক ৰৈ ভাবিছোঁ কেঠাখনৰ কাপোৰবোৰ উৱলি গৈছে।গা লৈ সৰু হোৱা কাপোৰকেইখন মান মাক তাত আকৌ চিলাই দিবলৈ কৈ মায়ে বাঢ়ি দিয়া তপত ভাতকেইটা নাকে কাণে গুজি দেউতাৰ পৰা বাটখৰচ ল'বলৈ গৈ দেখো দেউতাৰ জেপত প‌ইচা নাই । কথাটো মাক ক'বলৈ নাপাওঁতেই মায়ে হাতত দহ টকীয়া নোট এটা দি চাদৰৰ আঁচলখনৰ পৰা পাঁচ টকীয়া এটা উলিয়াই দি কʼলে, "পাঁচ টকাটো কিবা এটা খাবি আৰু বাকীখিনি বাটখৰচ।" মনটো দেখোন কিবা এটা ভাল লাগি গ'ল। স্কুললৈ বুলি ওলাই আহিলো...........।তিনি বজাত স্কুল ছুটি দিলে আৰু ম‌ই ঘৰ পালোহি চাৰি মান বজাত। ভোকে মোক দহি নিছিল । সেয়ে হাত ভৰি ধুই কাপোৰ সলাই ভাত খাবলৈ বহিলো । পিৰা খনৰ ওপৰতে মায়ে ভাতত দিয়া আলুৰ সৈতে নিমখত দিয়া গোলনেমুৰ এচকল ঢাকি ৰাখিছিল। ভাতখিনি সোনকালে খাই মায়ে ফালি থোৱা খৰি খিনি ভিতৰলৈ আনি থʼলো । আৰু দহ টকা এটা লৈ কেৰাচিনৰ বটলটো বিচাৰি দোকান লৈ গʼলো। সন্ধিয়া হৈছিলেই ইতিমধ্যে। মানুহৰ ঘৰবোৰ আন্ধাৰত জিলিকি উঠিছিল কিন্তু আমাৰ ঘৰৰ চৌপাশত পোহৰৰ নামমাত্ৰ নাই , ম‌ই দোকানৰ পৰা কেৰাচিন আনি পোৱাহি নাছিলো যে সেইকাৰণে। ম‌ইও আহি পালোহি , দেউতাও পালেহি দোকান সামৰি । মায়ে গোসাঁইৰ ঘৰত চাকি গছি জ্বলাই আহি চাহ বনাইছিল। চাহ খাই থাকোঁতে দেউতাৰ মুখত শুনিলো এইবাৰ বোলে আমাৰ ফালে বিজুলীবাতিৰ ব্যৱস্থা কৰিব। মনটো দেখোন কিবা এটা ভাল লাগি গ'ল। বাতিকেইটা চপাই আনি সেই ঠাইখিনিত থৈলা বস্তা এটা পাৰি পঢ়িবলৈ লʼলো। টিপ চাকিটো জ্বলো - নজ্বলোকৈ জ্বলিছে। শলিতা ডাল বঢ়াই দি আকৌ পঢ়াত লাগিলো। লাহে লাহে মা ৰ ভাত বনোৱা হ'ল। ভাত খাবলৈ মজিয়া অঁতাই মায়ে ভাত খাবলৈ মাতিলে। পকা অমৰা আৰু ব‌ইল আলুৰে এখন আঞ্জা লগতে পাতত দিয়া মচুণ্ডৰি। মায়ে বনাই দিয়া সেই অমৰাৰ আঞ্জা খনৰ লগত তেলত ওপঙাই বনোৱা মঙহৰ টুকুৰাইও ফেৰ মাৰিব নোৱাৰে। সকলোৰে ভাত খোৱা হৈ যোৱাৰ পিছত মজিয়া অঁতাই বিছনালৈ আহিলো। বিছনাত বাগৰি দিও‍ঁতে এটা চিনাকি শব্দ "মেৰ-মেৰ" । বিছনাত পৰি দেউতাই ওপৰলৈ চাই কৈছিল পাৰিলে এইবাৰ টিনপাত খিনি সলাব , নহ'লে বাৰিষাকালিত টিনৰ ফুটাৰে ভিতৰখন নৈ হ'ব। দিনটোৰ শেষত গোটেই দিনটোৰ ঘটনাবোৰ মা ৰ আগত কৈছো । স্কুলত যে অংকৰ চাৰে কাইলৈৰ পৰা এটা জ্যামিতি লৈ যাবলৈ কৈছে সেইটো কʼবলৈ পাহৰা নাই। মায়ে দুদিনৰ পাছত আনি দিলে হ'বনে সুধিলত মোৰ কিন্তু কাইলৈকে লাগিব বুলি ক'বলৈ মনটোৱে নক'লে , যদিও চাৰে দুদিনৰ আগতেই নিবলৈ কৈছিল । আমাৰ কথাৰ মাজতে এবাৰ দেউতাই কৈছিল , "পাৰিলে এইবাৰ সোণম‌ইনাৰ পঢ়াৰ টেবুল খনৰ ব্যৱস্থা কৰিব লাগিব ।" মনটো দেখোন কিবা এটা ভাল লাগি গ'ল । মা ক কৈছো এদিন আমাৰ ঘৰতো পানী নপৰা হ'ব। কথা পাতি পাতি কেতিয়া নো দুটা পৰ গʼল গমেই নাপালোঁ। ফেঁচাই পৰ গণোতেহে গম পাইছো। মায়ে কেঠা খন গাৰ লৈ উজাই আনিছে। দেউতাই সিখন বিছনাৰ পৰা কৈছে , "সোণম‌ইনা শুই থাক , সময় বহুত হʼল।"
                                  কোনেও নিবিচৰা এখন পৃথিৱী , কিন্তু শান্তিৰ পৃথিৱী। ঘৰখন অভাৱী , সুখৰ নহয় অৰ্থৰ । চাওকচোন ৰাতিপুৱাৰ সেই সময়খিনি । আকোলতা নাই জানো তাত ? উৱলি যোৱা কেঠাৰ ওমতে পাৰ কৰিছে হাজাৰ নিশা। বিছনাৰ মেৰমেৰণি.... যʼত টোপনি কিন্তু শান্তিৰ। তিনিটা খোঁটালিৰ এটা ঘৰ , কেঁচা ঘৰ , টিনৰ বেৰা দিয়া কিন্তু  উশাহবোৰ মুকলিকৈ ল'ব পাৰি । মজিয়াৰ সেই কেঁচা ৰঙা  মাটিৰ গোন্ধ‌ৰ লগত , কংক্ৰীটৰ ওখ অট্টালিকাৰ সেই অচিনাকী গোন্ধ‌ইও ফেৰ মাৰিব নোৱাৰে। টিপ চাকিৰ পোহৰত চকুবোৰ জিলিকি উঠে । ইয়াত  ৰাতি বোৰ গভীৰ হয় , চাৰিওফালে আন্ধাৰ , কিন্তু ইয়াত শান্তি। সকলো ফালে শান্তি। এখন শান্তিৰ পৃথিৱী । এইখনেই সোণম‌ইনাৰ পৃথিৱী। তাই গৈ আছে তাইৰ "কাঞ্চন" নামটোৰ দৰে তাইৰ জীৱনৰ কাঞ্চনপাহ বিচাৰি ... অপ্ৰতিৰোধ্য আৰু  অনিৰুদ্ধ গতিৰে।।।


                             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)