যজ্ঞৰ ঘোঁৰাটো-চাদ্দাম হুছেইন

©Admin
0
দূৰৈৰ পাহাৰ
দূৰণিৰ পৰা বৈ অহা এখনি নদী
তাৰ পাৰত অজস্ৰ নল-খাগৰি

মই এতিয়াও চকু মেলিব পৰা নাই
ইমান প্ৰকোপ জুইৰ
কাঁইটীয়া বনত তাণ্ডৱ যেন মহাদেৱৰ।

অশ্বমেধ যজ্ঞৰ ঘোঁৰাটোক
এইমাত্ৰ বলি দিয়া হʼল
ৰজা, প্ৰজা সকলো এতিয়া শুই আছে ।

জুই,পানী ভেদি এখোজ আগবাঢ়োতেই
ভৰি এখন ভাঙি দিলে অসন্তুষ্ট প্ৰতাপী 
এতিয়া ফাঁচীকাঠৰ উলম্ব প্ৰতিনিধি।

মোৰ অনুৰোধ —
মোক জীয়াই থাকিবলৈ দিয়া
মোক নিঃশেষ নকৰিবা
মোক এই জগত এবাৰ চাব দিয়া
মোক…!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)