বৰষুণ যেন কৃষকৰ প্ৰেমিক -নিপু কুমাৰ দাস

©Admin
0
সেউজী উপমা 
কৃষকৰ জীৱন পৰিক্ৰমা 
আশাৰ ৰেঙনি কঢ়িয়াই আগুৱাই 
কঠিয়াত সিঁচে 
আশাৰ সোণালী সপোন 
সপোনৰ বাস্তৱ বৰষুণ 
জীৱন ছবি যেন এক মালিতা।
 
এতিয়া লাগে মাথোঁ 
এজাক মুগলধাৰ বৰষুণ.... 
হিৰ্ হিৰ্ গিৰ্ গিৰ্
আকাশত মাদল বজাই 
নামি আহঁক ধৰাৰ বুকুলৈ
নালাগে বিধ্বংসী বান 
লাগে পথাৰত মাথোঁ ধান ।

সাৰুৱা মাটিৰ উৰ্বৰতা 
বৰষুণ যেন কৃষকৰ আজন্ম প্ৰেমিক 
টোপ টোপ বৰষুণৰ পানী 
কৃষকৰ বুকুত বাজে নূপুৰৰ 
আশাৰ সেউজী কঠীয়া
লহপহ কৈ বাঢ়ে ধাননি সেউজীয়া 
বৰষুণ বৰষুণ আশাৰ বৰষুণ ।

সেউজীয়া সপোন ৰচি 
শুৱনি কি যে আশাৰ সেউজী পথাৰ !
ইয়াতেই বাস্তৱৰ ৰঙীন জীৱন 
বুকুৰ তেজ-ঘামৰ ফচল 
নতুন সূৰ্য্য উদয় নতুন বাট দেখুৱাই 
ভৱিষ্যত জীৱনলৈ কঢ়িয়াই 
জীয়াই থকাৰ যেন জীৱন ঠিকনা---।

                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)