ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন ০৯▪️নবীন চন্দ্ৰ মেধি

@admin
0
পাটলিৰ নবৌয়েক বৰষাই সিদিনা ভাওনা থলীত দোকান দিছিল । ককায়েক আকাশে ভাওনাত কৃষ্ণৰ ভাও লৈছিল । সন্ধিয়া সময়ত ঘৰত থাকিবলৈ কাৰো সময় নাছিল । ঘৰত মাক আৰু আলহী ছোৱালীজনীহে মাথো আছিল । মাকৰ সৈতে আলহীয়েও ৰন্ধা বঢ়া কৰাত সহায় কৰি দিছিল । নিৰ্দ্দিষ্ট সময়ত আটায়ে খোৱা বোৱা কৰাৰ পিছত নবৌয়েক বৰষাই বাকচৰ পৰা ভমকাফুলীয়া গামোচা এখন উলিয়াই নিৰ্মলৰ ডিঙিত মেৰিয়াই দি ক'লে - 

: বা: , বৰ ধুনীয়া লাগিছে দেই নিৰ্মলদা । ভাওনা চাবলৈ যাওঁতে এইখন ডিঙিতে উলমাই লৈ যাব । এতিয়া আপোনালোকে অলপ ঘৰতে জিৰণি লওক । এঘণ্টামানৰ পিছত যাব ভাওনা চাবলৈ । আমি আগবাঢ়ো । 

নবৌয়েক বৰষাই চাইকেলত দোকানৰ মাল বস্তুবোৰ বান্ধি লৈ আগবাঢ়িল । ককায়েক আগতেই গৈছিল । ভাওনাত ভাও লোৱাৰ বাবে ককায়েকে আজি খোৱা বোৱা নকৰে । ভাওনা শেষ হোৱাৰ পিছত খাব । ব্ৰতত থাকিব লাগে বোলে । 

আজিকালি প্ৰায়ে দেখা যায় গায়ন বায়নৰ লগতে ভাৱৰীয়াসকলেও মদ ভাং খাই ভাওনা কৰিবলৈ যায় । সি নিজেই কেইবাদিনো দেখা পাইছে । সেয়ে হয়তো ভাওনা বুলিলে আজিকালি আগৰ দৰে ইমান টোপনি খটি কৰি চাবলৈ ইচ্ছা নকৰে । আগতে সৰুপথাৰ , নাওজান আৰু কাৰ্বি আংলং জিলাৰ সৰিয়হজানলৈকে ভাওনা চাই ঘুৰি ফুৰিছিল । কিন্তু আজিকালি ঘৰৰ ওচৰৰে নামঘৰটোতে ভাওনা চাবলৈ নোযোৱা হ'ল । 

ভাওনা সংস্কৃতি যিমানে আধুনিক হৈ গৈ আছে সিমানে ভাল নলগা হৈ আহিছে । ভাওনাৰ প্ৰৱেশ, প্ৰস্থান আৰু ভাৱৰীয়াৰ চৰিত্ৰ আদি সকলো আধুনিকতাৰ কবলত সোমাই গৈছে । নিজস্বতা বজাই ৰাখিবলৈ চেষ্টা কৰা দেখা নাযায় । ফেচবুক ৰীল ইঞ্চটাগ্ৰাম ইউটিউব আদিৰ প্ৰভাৱত ভাওনা সংস্কৃতিৰ বিকৃত ৰূপ দেখিবলৈ পোৱা যায় । 

ঘৰতে তিনিও বহি তামোল খাই খাই কথা বতৰা পাতি থাকিল । নামঘৰত ইতিমধ্যে গায়ন বায়ন আৰম্ভ হৈছিল । ঠিক ৰাতি চাৰে ন বাজিছিল , সিহঁতে ঘৰৰ দৰ্জা বন্ধ কৰি ভাওনা চাবলৈ যাত্ৰা আৰম্ভ কৰিলে । নিৰ্মলে কান্ধত নবৌয়েক বৰষাই দিয়া গামোচা খন লৈ গৈছিল । কিবা এটা ভাল লাগিছিল নিৰ্মলক । পাটলিয়ে মাজে মাজে তালৈ চাইছিল । 

ভাওনা থলীত উপস্থিত হৈ সিহঁতে প্ৰথমেই নবৌয়েকৰ দোকানলৈ গ'ল । চকী বেঞ্চৰ ব্যৱস্থা কৰা আছিল । তাতে বহিল । নবৌয়েকে তামোল দিলে । কেঁচা চানা পকৰী আদি বিক্ৰী কৰিছিল । নিৰ্মলে চানা পকৰী কিনিলে আৰু ভতিজা ল'ৰা ছোৱালী দুটা আৰু আলহী ছোৱালীজনীলৈ আগবঢ়াই দিলে । 

ইতিমধ্যে ভাওনা আৰম্ভ হ'বৰ হৈছিল । সিহঁতে নামঘৰৰ ভিতৰলৈ সোমাই গ'ল । নিৰ্মল কুমাৰ বাহিৰতে চকী এখন লৈ বহিল । ভাওনা আৰম্ভ হ'ল । ৰাতি এক বজালৈকে ভাওনা চাই ঘৰলৈ উভতি আহিবলৈ ওলাল । দোকানলৈ ওলাই আহিছিল । ভতিজাকহঁতৰ লগতে পাটলি , মাক আৰু নবৌয়েকহঁতক ইটো সিটো কিনি দি সকলোকে মাত লগাই সি ঘৰলৈ উভতি আহিছিল । 

সেয়াই আছিল পাটলিৰ সতে নিৰ্মলৰ প্ৰথম চিনাকি । ইয়াৰ দুমাহমান পিছত পুনৰ সি এদিন পাটলিৰ নবৌয়েক হঁতক ঘৰলৈ গৈছিল । জুলাই মাহ । গৰমৰ বন্ধ চলি থকাৰ বাবে বিদ্যালয় সমূহ বন্ধ হৈ আছিল । সিদিনা সি পুনৰ পাটলিক লগ পাইছিল । এইবাৰৰ পাটলিজনী যেন আগৰ পাটলিজনী নাছিল । আগতকৈ যেন বহুত ডাঙৰ হৈছিল । আগতকৈ বেছি মৰমীয়াল হৈ পৰিছিল । ভাল বেয়া সকলো জনা বুজা হৈছিল । অৰ্থাৎ বুজন ক্ষমতা বাঢ়িছিল । নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হ'ল । এইবাৰ তাইক দেখা পাই নিৰ্মলৰ অন্তৰত যেন কিবা এটা ভালপোৱা ভাৱৰ উদয় হৈছিল । সি যেন তাইৰ প্ৰেমত পৰিছিল । তাইৰ আচৰণত এই কথা তেতিয়াও স্পষ্টকৈ ফুটি উঠা দেখা নাছিল । সিদিনাখনো মাকে নিৰ্মলক তাতে থকাৰ কথা কৈছিল যদিও ভায়েকৰ বেমাৰ হৈ থকাৰ বাবে সি নাথাকিল । পিছদিনাখন থকাকৈ মাতি পঠিয়ালে । নিৰ্মল কুমাৰে চেষ্টা কৰি চাম বুলি কৈ ঘৰলৈ উভতি আহিছিল । 

আচলতে এয়া পাটলিৰ নবৌয়েক আইমণিহঁতৰ ঘৰহে । সেই বছৰৰে বহাগ মাহত বিহুৰ বতৰতে বৰষা আৰু আকাশহঁতৰ ঘৰলৈ যাওঁতে আইমণিক দেখা পাইছিল । আইমণিক দেখা পাই তেওঁৰ ভাল লাগিছিল । কথা বতৰা পতাৰ পিছত আইমণিৰ নবৌয়েক বৰষাক আইমণিৰ বিষয়ে সুধিছিল । আইমণিৰ বিয়া ঠিক হৈ আছে বুলি জনাইছিল । ল'ৰা জন সিদিনা সিহঁতৰ ঘৰলৈ আহিছিল । নিৰ্মলৰ চকুত লগা বুলি জানিব পাৰি তাৰ দুদিনমান পাছতেই আইমণিক লৈ গৈছিল । নবৌয়েকক নিবলৈ পাটলিও আহিছিল । ডাঙৰকৈ বিয়া পতা নাছিল । দৰাঘৰৰ পৰা এখন গাড়ী লৈ পাঁচ ছয়গৰাকীমান মানুহ লৈ আহি আইমণিক লৈ গৈছিল । 
নবৌয়েকক নিয়াৰ পিছত ভাওনা চাবলৈ প্ৰথম আহিছিল আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে কেইদিনমান থকাকৈ নবৌয়েক আইমণিহঁতৰ ঘৰলৈ আহিছে । 

পিছদিনাখন ধাৰাষাৰ বৰষুণ সৰিছিল সেয়ে ক'তো ওলাই যাব পৰা নাছিল । তৃতীয় দিনা নিৰ্মল আকাশহঁতৰ ঘৰলৈ গৈছিল । ব্ৰয়লাৰ মাংসৰ সতে নিশাৰ সাজ খাই আলহীৰ লগতে ৰাতিটো কটাইছিল ।  

সিদিনা যেন সি শুব পৰা নাছিল । বৰষুণত তিতাৰ বাবেই নে কি নাজানো ৰাতিলৈ কাঁহ আৰম্ভ হৈছিল । এটি উজাগৰী নিশা পাৰ হৈছিল । সিটো কোঠাত থকা পাটলিৰ মনৰ মাজত ধুমুহাৰ সৃষ্টি হৈছিল । তাইয়ো শুব পৰা নাছিল । মাজে মাজে তাইয়ো সাৰে থকাৰ ইংগিত যেন সি অনুভৱ কৰিব পাৰিছিল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)