১৯৪৭ চনতে স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই বিভিন্ন দিশত আগবাঢ়ি গ'ল। বৈজ্ঞানিক শিক্ষা আৰু গৱেষণাকে আদি কৰি মহাকাশ বিজ্ঞান, পাৰমাণৱিক শক্তি আহৰণ, কৃষি, স্বাস্থ্যৰ দিশত যথেষ্ট আগবাঢ়িল। তাৰ পাছতো কিন্তু সৰহভাগ মানুহ অন্ধবিশ্বাস, কুসংস্কাৰৰপৰা মুক্ত হ'ব নোৱাৰিলে। যাৰ বাবে এই ভূমিত অন্ধবিশ্বাসৰ নামত ডাইনী হত্যা, সোপাধৰা,বলি বিধান প্ৰথা আজিও বৰ্তি আছে। এইবোৰকে প্ৰধানকৈ বিজ্ঞানৰ অগ্ৰগতিৰ প্ৰত্যাহ্বান বুলি ক'ব পাৰি। বিজ্ঞানৰ ছাত্ৰ নাছিলোঁ যদিও বৈজ্ঞানিক মানসিকতাৰে নিজৰ জীৱনটো গঢ় দিবলৈ যত্ন কৰিছিলোঁ। বিজ্ঞানৰ সজাগতা সভাসমূহত উপস্থিত থাকি কথাবোৰ শুনিছিলোঁ। শ্ৰেণীকোঠাত শিক্ষকে কোৱা যুক্তিবাদী কথাবোৰে মোৰ দৰে আস্তিক আৰু অন্ধবিশ্বাসী এটাক সাংঘাতিক ধৰণেৰে সলনি কৰিলে। সেইফালৰ পৰা শ্ৰেণীকোঠাত বৈজ্ঞানিক মানসিকতা সম্পৰ্কীয় আলোচনা আৰু সজাগতা সভাসমূহৰ গুৰুত্ব আছে। বৰ্তমান সময়ত বাতৰি কাকত,দূৰদর্শনৰ পৰ্দা, ফেচবুক আদি মাধ্যমসমূহৰ জৰিয়তে নিত্য নতুন অন্ধবিশ্বাসেৰে ভৰি থকা খবৰ শুনিবলৈ আৰু দেখিবলৈ পাওঁ। সদায়ে ঘটি থকা এশ এবুৰি এনে কু - কৰ্মকাণ্ডই বৈজ্ঞানিক মানসিকতাৰ প্ৰতি চৰম প্ৰত্যাহ্বানৰ কথা সূচায়। শেহতীয়াকৈ অসম দেশত এগৰাকী যুৱতীৰ গাত কৃষ্ণ লম্ভিছে বুলি ব্যাপক চৰ্চা হৈছে। এই কথাই সভ্য সমাজক লজ্জিত কৰিছে। এনে খবৰে সুস্থ সমাজ এখনক অসুস্থ কৰি তুলিব। সংবাদ গোষ্ঠীয়েও গুৰু ভূমিকা পালন কৰাৰ। পৰিৱৰ্তে প্ৰচাৰ কৰা যেনহে মনে ধৰে। ই শুভ কথা নহয়। বৰঞ্চ সদায়ে আমাৰ সমাজখনত নেতিবাচক প্ৰভাৱ পেলাব। ইয়াৰ বিপৰীতে আমি চিন্তা কৰিবৰ সময় হ'ল । আশা কৰোঁ প্ৰতিজন মানুহৰে বৈজ্ঞানিক মানসিকতা গঢ় ল'ব। প্ৰত্যেকজন ব্যক্তি অযুক্তিকৰ অন্ধবিশ্বাসৰ বিৰোধী হ'ব। এই ক্ষেত্ৰত সচেতন সমাজৰ দায়িত্ব আছে। মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী, অসম বিজ্ঞান লেখক সন্থা আৰু বিজ্ঞানৰ লগত জড়িত অভিজ্ঞ ব্যক্তি সকলে আগৰণুৱা হৈ কাম কৰিলে সামাজিক ব্যাধিসমূহ এদিন শেষ হ'ব বুলি আশা কৰিব পাৰি। অন্যথা সকলো আলোচনা - বিলোচনা অনৰ্থক হৈ ৰ'ব।
পৰেশ দাস
সম্পাদক,অসমীয়া সাহিত্যৰ চানেকি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ