ৰূপান্তৰ-ফাৰুকুদ্দিন আহমেদ

©Admin
0
ভাষণেৰে যদি আকাশ কঁপাই
সমাজ শুধৰাবই পাৰি
তেন্তে তেওঁ শূণ্য
আৰু যদিহে
একান্ত ইচ্ছাশক্তি
কৰ্মোদ্যমত সমাজ
বিকশিত হয়
তেন্তে
তেওঁ নিজতে পূৰ্ণ

আকাশ ভেদি
স্বৰগৰ কিৰণৰ পৰশ
মৰ্তত বিলোৱাৰ হেঁপাহ
তেওঁৰ
নতুনৰ গতিখেদা
বেদীত চাকিৰ
উজ্জ্বল শিখা
ভৱিষ্যতৰ ৰঙাবেলি
ককাৰ খোজৰ ধূলিৰ
আনন্দৰ জোৱাৰে 
বতাহত উৰি ফুৰে
অপ্ৰতিৰোধ্য হৈ
নিতৌ আবেলি

পুৱতি নিশাৰ
শেৱালি জোপা
নিয়ৰতো নকপে 
লাজুকী বনে
নবনে লাজুকী
গোলাপৰ অপূৰ্ণ কলিটি
ব্যাকুল
মেলিব তাইৰ
পাপৰি
আনন্দত আত্মহাৰা
মইনাজনী
লহমতে তাইৰ কোমলীয়া
সুৰ সলনি
প্ৰকৃতি আইয়ে
গীত গাই
গছ-বিৰিষে
কৰে ধেমালি
তেওঁৰ উপস্থিতিত
ক্ষন্তেকতে পাহৰে
পাহাৰ-পৰ্বত, নদ-নদীয়ে
বেদনা জৰ্জৰিত গাথা

সপোনত তেওঁৰ কংক্ৰিতৰ
চহৰখন উদুলি-মুদুলি
ইজনৰ সহায়ত আনজন উদ্ধাৰ
লুণ্ঠন, ধৰ্ষণ, কু-সংস্কাৰ, নিচ-কপতা
ধপাঁত-মাদক দ্ৰব্য
হিংসা, কাজিয়া, ব্যাভিচাৰী , অত্যাচাৰ
দূৰ দূৰলৈ দেখিবলৈ নাই

তেওঁ দেখিছে
সমাজত সংস্কাৰৰ বাহ
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে
আনন্দ উল্লাস 
অনুজৰ শিক্ষা লাভৰ পিয়াহ
দিনৰ আৰম্ভত ফজৰৰ আজান
গধূলি ধ্বনিত নামঘৰৰ দবা

তেওঁ দেখিছে
আহাৰ মাহৰ এজাক প্ৰচণ্ড বৰষুণে
উটুৱাই নিছে সমাজৰ নেতিবাচক চিন্তাধাৰা
আৰু বৰষুণৰ শেষত আকাশ
ফৰকাল হৈ বেলিৰ কোমল কিৰণে
বিলাই দিছে সুখ
প্ৰকৃতিয়ে সিঁচি দিছে
ইতিবাচক বীজ
যি বীজে কাহানিও নকৰিব
সমাজ অপ্ৰসস্ত

তেওঁ সপোণ দেখিছে
টোপনিত নহয়
চকু মেলি তেওঁ সপোন দেখিছে
কোন তেওঁ সেয়াহে মাথোন
প্ৰশ্নবোধক?
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)