প্ৰেমানুভূতিৰ তৰংগ•এহিয়া আহমেদ

©Admin
0
বসন্ত আহিলে আহিবা প্ৰিয়া
ৰঙীন জীৱনৰ ৰংবোৰ আকোঁৱালি,
আবেগৰ গুণগুণনি উৰি আহিব।

কুমাৰী অংগলতাৰ কোমল স্পৰ্শত
কল্পনাৰ ছবিবোৰ উপঙি ভাঁহি ফুৰি
মোৰ চোতালখন ৰঙেৰে ভৰি পৰিব।

বতাহত কঁপি থকা
কস্তুৰীৰ গোন্ধ বিলাই
অনুভূতিৰ সিঁচৰিত ক্ষণবোৰত
কৃষ্ণচূড়াৰ ৰঙা ফুলবোৰ ফুলিব।

চকুৱে চকুৰ ভাষাবোৰ পঢ়ি
ওঁঠৰ কোমল স্পৰ্শৰ
গভীৰ কথাবোৰ লুকুৱাই ৰাখি
হদয়ে প্ৰেমৰ ছবিবোৰ আঁকিব।

সৰিয়হ ফুলৰ হালধীয়া ঠাৰিৰে সজাই
কুমাৰী কোণৰ দুবাহুৰ আকুলতাই
মোৰ জীৱনৰ ৰংবোৰ সলাব

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)