১৩ ডিচেম্বৰ ▪️ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৬৪২ চনৰ আজিৰ দিনটোতে  এবেল টাচমান নিউজিলেণ্ড দেখা প্ৰথম ইউৰোপীয় ব্যক্তি হিচাপে পৰিগণিত হয়।
  • ১৯২০ চনৰ আজিৰ দিনটোতে  আন্তৰ্জাতিক ন্যায়ৰ স্থায়ী আদালতৰ আইন আছিল ৪৬ খন দেশৰ প্ৰতিনিধিৰ দ্বাৰা ১৩ ডিচেম্বৰ ১৯২০ তাৰিখে জেনেভাত সম্পন্ন হোৱা এক আন্তৰ্জাতিক চুক্তি, যাৰ বেছিভাগ দেশ প্ৰথম বিশ্বযুদ্ধৰ মিত্ৰ শক্তিৰ পৰা আহিছিল। ইয়াক ১৯২১ চনৰ ৮ অক্টোবৰত লীগ অফ নেশ্যনছ চুক্তি শৃংখলাত পঞ্জীয়ন কৰা হৈছিল। ই আন্তৰ্জাতিক ন্যায়ৰ স্থায়ী আদালতক মান্যতা প্ৰদান কৰিছিল।
  • ১৯৬২ চনৰ আজিৰ দিনটোতে  বিশ্বৰ প্ৰথমটো ’ৰিলে’ উপগ্ৰহ উৎক্ষেপণ কৰা হয়।
  • ১৯৯৬ চনৰ আজিৰ দিনটোতে  ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদ-এ কফি আন্নানক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত নিযুক্তি দিয়ে, আৰু পিছত সাধাৰণ সভাৰ দ্বাৰা নিশ্চিত কৰা হয়, যাৰ ফলত তেওঁ ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীৰদ্বাৰা নিৰ্বাচিত হোৱা প্ৰথম কাৰ্যালয়ৰ কৰ্মচাৰী হয়। তেওঁ ২০০১ চনত দ্বিতীয় কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হয়।
  • ২০০১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীস্থিত ভাৰতীয় সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ । পাকিস্তানৰ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি) আৰু জৈশ-ই-মহম্মদ (জেইএম)-এ এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ ফলত দিল্লী আৰক্ষীৰ ছয়জন কৰ্মী, সংসদ সুৰক্ষা সেৱাৰ দুজন কৰ্মী আৰু এজন মালীৰ মৃত্যু হয় – মুঠ ৯ জন – আৰু ৫ জন সন্ত্ৰাসবাদী সংসদ ভৱনৰ বাহিৰত নিহত হয়। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায়, যাৰ ফলত ২০০১-০২ চনত ভাৰত-পাকিস্তানৰ অচলাৱস্থা সৃষ্টি হয়।
  • ২০০৩ চনৰ আজিৰ দিনটোতে  ইৰাকৰ "আদ-দাওৰ" চহৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইৰাকৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক বন্দী কৰে। এই সামৰিক অভিযানৰ নাম আছিল ৰেড-ডন ।
  • ২০১৮ চনৰ আজিৰ দিনটোতে  অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা।
  • ২০১৯ চনৰ আজিৰ দিনটোতে  ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ, আইনত পৰিণত হ'ল কেব। ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত। কেব বিৰোধী প্ৰতিবাদত নিহত দুই যুৱকক ছহিদ ঘোষণা। ভাৰত-জাপান প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল।
  • ২০২১ চনৰ আজিৰ দিনটোতে  সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতীয় সুন্দৰীৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছ অৰ্থাৎ ব্ৰক্ষ্মাণ্ড সুন্দৰী খিতাপ। অভিনেত্ৰী লাৰা দত্তৰ পিছত চণ্ডীগড়ৰ জীয়ৰী হৰনাজ কৌৰ সান্ধুৱে এই খিতাপ দখল কৰে।
  • ২০২২ চনৰ আজিৰ দিনটোতে  অসম আৰু অসমীয়াৰ গৌৰৱ তথা স্বাভিমানৰ প্ৰতীক গামোছায়ে ভাৰত চৰকাৰৰ জি আই টেগ (ভৌগোলিক সূচাংক) সন্মান লাভ কৰে। জিঅ'গ্ৰাফিকেল ইণ্ডিকেচন অৱ গুডছ ( ৰেজিষ্ট্ৰেচন এণ্ড প্ৰটেকচন) এক্ট ১৯৯৯ৰ অধীনত বৌদ্ধিক সম্পত্তি হিচাপে অসমীয়া গামোছাই জি আই টেগ লাভ কৰে। ২০১৭ চনৰ পৰাই অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়-এ পাচঁ বছৰীয়া নিৰবিচ্ছিন্ন পদ্ধতিগত ব্যৱস্থাৰে ভৌগোলিক সূচাংক লাভ কৰিবৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)