খঙতে কৌস্তবে গাড়ীৰ ষ্টিয়াৰিংত এটা জোৰেৰে ঘোচা মাৰে। তেতিয়া ৰাতি প্ৰায় এঘাৰ বাজিছে। কৌস্তবে গাড়ীৰ পৰা নামি চাৰিওফালে এবাৰ চকু ফুৰাই চালে , চাৰিওফালে যেন শাৰী শাৰী গছৰ বাহিৰে একো নাই। অলপ সময় আগতেই যেন ইয়াত বৰষুণ হৈছিল ৰাস্তাৰ পৰা তেনেকুৱা এটা গোন্ধ আহিছে। আকৌ কৌস্তবে এনেকুৱা ঠাইত ফচিলে যে ইয়াত ফোনৰ ও নেটৱৰ্ক নেপায়।বন্ধুৰ ঘৰত পাৰ্টি কৰি উভতি অহাৰ সময়ত চুটি ৰাস্তাৰে আহিব ধৰতেই এই বিপত্তি। কৌস্তব আকৌ বিৰক্তিৰে গাড়ীৰ ওচৰলৈ উভতি গ’ল। ঠিক তেতিয়াই দূৰৰ পৰা এগৰাকী মহিলাৰ মাত শুনিব পালে।
— উফফ! কোনে জানিছিল আজি অফিচৰ কাম শেষ কৰি ঘূৰি আহোঁতে ইমান দেৰি হ’ব বুলি, এতিয়া টো গাড়ী ও পোৱা টান হ'ব। ভগৱান কিবা কৰি ঘৰ পোৱাই দিবা আৰু।
কৌস্তবে ছোৱালীজনীৰ মাতটো শুনি পিছলৈ ঘূৰি চায়। ম্লান পোহৰত এজনী ছোৱালী আগবাঢ়ি আহি আছে তাৰ ফালে। আন্ধাৰত ছোৱালীজনীৰ মুখখন ধৰিব পৰা নাযায় যদিও বুজা যায় যে ছোৱালীজনী বৰ চিন্তিত। সি ছোৱালীজনীৰ ফালে আগবাঢ়ি যায় আৰু ক'লে
— ক’লৈ যাব?
কৌস্তবৰ প্ৰশ্নত ছোৱালীজনী অলপ আচৰিত হ’ল।
- আপুনি কোন?
― মই কৌস্তব। মই এই ফালেৰে গৈ আছিলো। কিন্তু চাহ খাবলৈ মন যোৱা বাবে ইয়াত ৰখিলো আৰু এতিয়া চাহৰ দোকান এখন বিচাৰি আছোঁ।
― মই, স্মিতা। এই অফিচৰ কাম শেষ কৰি ঘৰলৈ উভতি গৈ আছোঁ।
― অ.. ক’লৈ যাব বাৰু আপুনি ?
― কাল্পনিক ঠাইলৈ
ছোৱালীজনীৰ মাতটো যেন ভয়ত কঁপি উঠিছিল। কৌস্তবে কয়,
— হেৰা, মই সেইফালেই গৈ আছোঁ । তুমি আহা, মোৰ গাড়ীত বহা তোমাক বাটতে নমাই দিম মোৰ পেহীৰ ঘৰ ও সেইফালেই।
— নাই নাই! নালাগে মই যাব পাৰিম।
— আৰে তুমি ভয় নাখাবা। তুমি মোৰ লগত যাব পাৰিবা অকলশৰীয়া ছোৱালী তাকো ইমান ৰাতি... নাই নাই ভণ্টি, আহা তোমাক মই থৈ যাম ।
ছোৱালীজনীয়ে চাগে অলপ আশ্বাস পালে আৰু কৌস্তবৰ গাড়ীত উঠিলে।গাড়ীত উঠাৰ লগে লগে কৌস্তবে বাহিৰৰ পৰা গাড়ীৰ দুৱাৰ খন মাৰি দিলে। ড্ৰাইভাৰৰ চিটত বহি সি ছোৱালীজনীলৈ চাই থাকিল। ছোৱালীজনীয়ে চাগে তাৰ লুকাই চুৰকৈ চোৱা চাৱনিটো উপলব্ধি কৰি মূৰটো তললৈ নমাই ক’লে,
— গাড়ীখন ষ্টাৰ্ট কৰক।
— হে ভগৱান। গাড়ীখন ষ্টাৰ্ট হোৱা নাই চোন? মই চাও ৰবা কি হৈছে!
কৌস্তবে কথাকেইটা এনেদৰে ক’লে যেন তেওঁ মাত্ৰ গম পাইছে যে গাড়ীখন বেয়া হৈ গৈছে। চিন্তিত হোৱাৰ অভিনয় কৰি সি সুধিলে,
— ইয়াত ক'ৰবাত মেকানিক বিচাৰি পোৱা যাবনে? আচলতে মই এই ৰাস্তাটোৰে মই প্ৰথম আহিছোঁ ।
- মইও নাজানো। উভতি অহাৰ দিশৰ পথ আজি বন্ধ। তেন্তে...
ছোৱালীজনীয়ে ভয় সুৰত উত্তৰ দিলে। কিছু সময়ৰ বাবে দুয়ো জনৰ মাজত মৌনতা। ছোৱালীজনীয়ে এইবাৰ ক’লে,
— পানী অলপ হ’বনে?
কৌস্তবৰ ওঁঠত হাঁহি এটা ওলাই আহিল। তেওঁ এই সুযোগটোৱে বিচাৰিছিল। পিছৰ চিটৰ পৰা বিয়েৰ মিহলি পানীৰ বটল এটা ছোৱালীজনীৰ ফালে আগবঢ়াই দিলে। ছোৱালীজনীয়ে পানীৰ বটলটো খুলি বহুত পানী খালে। বহুত পিয়াহ লাগিছিল নিশ্চয়! পানী খোৱাৰ পাছত ছোৱালীজনীয়ে সুধিলে,
— পানীত কিবা মিহলি কৰা আছিল নেকি?
- নাই টো ! এই বটলটো মই খাবলৈ ৰাখোঁ।
কৌস্তবে একো নজনাৰ ভাও ধৰিলে। ছোৱালীজনীয়ে ভ্ৰু কোঁচাই ক’লে
— কিন্তু পানি খিনিৰ সোৱাদটো কেনেকুৱা লাগিছে!
কৌস্তবে এইবাৰ কোনো উত্তৰ নিদিলে। কথা বদলোৱাৰ বাবে ক'লে
— লাগিছে আজি ৰাতিটো যে কথা পাতিয়ে পাৰ কৰিব লাগিব। ৰাতিপুৱা নোহোৱালৈকে একো কৰা সম্ভৱ নহয়।
কৌস্তবে কথা পাতি থাকোঁতে ছোৱালীজনীলৈ চায়। ছোৱালীজনীৰ যেন চকু দুটা বন্ধ হৈ যাব ধৰিছে । মূৰটো কঁপিছে! অৰ্থাৎ নিচা হ'বলৈ ধৰিছে তাইৰ।
—গাটো বেয়া লাগিছে নেকি? তুমি ভাল আছা নে ?
এই বুলি কৈ কৌস্তব ছোৱালীজনীৰ ফালে আগবাঢ়ি গ’ল। তাইৰ পিঠি আৰু কান্ধত হাতখন ৰাখিবলৈ চেষ্টা কৰে। মদ্যপান কৰা ছোৱালীজনীয়ে বাৰে বাৰে তাৰ হাতখন এৰাবলৈ চেষ্টা কৰিছিল। কৌস্তবে বুজি পাইছে... ছোৱালীজনীৰ নিচা লাগিছে। অসহায় ছোৱালী জনীয়ে মদ্যপান কৰা মাতেৰে কয়,
- আপুনি কি কৰিছে? ইমান ওচৰলৈ কিয় আহিছে?
— তোমাৰ যে গাটো বেয়া লাগিছে। সেইটোয়ে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ।
ছোৱালীজনীয়ে ভয়তে থৰক-বৰক হৈ পৰিছে। ভয়তে তাইৰ শৰীৰটো কঁপি উঠিছে। তাৰ পৰা মুক্তি পাবলৈ তাই আপ্ৰাণ চেষ্টা কৰিছে। কৌস্তবৰ ওঁঠত বিজয়ী হাঁহি এটা ওলাই আহিল। ছোৱালী জনীৰ চকুত ভয় দেখি কৌস্তবে বুজি উঠিছে এয়া তাৰ জয়!কৌস্তবে ছোৱালীজনীৰ ফালে অলপ আগবাঢ়ি গৈ ছোৱালীজনীৰ ওঁঠত ওঁঠ লগাই দিলে। আজি কৌস্তৱ পাগল, কিন্তু লগে লগে কৌস্তবৰ ওচৰৰ পৰা ছোৱালীজনী আঁতৰি গল আৰু তাৰ ঠাইত এজনী পচি যোৱা মহিলাৰ শৰীৰ, মহিলা জনীৰ শৰীৰটোৰ বিভিন্ন ঠাইত কটাৰ চিন। অবিশ্বাসী চকুৰে সি ছোৱালীজনীলৈ চালে। ছোৱালীজনীৰ ভয় খোৱা, আতংকিত, কঁপি থকা ওঁঠ দুটাত এতিয়া বিজয়ী হাঁহি এটা ওলাই আহিল। ছোৱালীজনীৰ মুখখন ইমান চিনাকি কিয়? কৌস্তবৰ মাত কঁপি উঠিল,
- কোন তুমি?
ফুচফুচাই উত্তৰ দিয়াৰ সলনি ছোৱালীজনীয়ে আকৌ সুধিলে,
— এসপ্তাহ আগৰ কথা মনত আছেনে? আপোনাৰ গাড়ী কিনাৰ প্ৰথম নিশা? মনত আছেনে?
কৌস্তবৰ মাতটো যেন শুকাই গৈছে। এসপ্তাহ আগতে কি হৈছিলে মনত পেলাব ধৰিলে। নতুন গাড়ীখন কিনি সি বন্ধুৰ সৈতে ৰাতি লং ড্ৰাইভ কৰিবলৈ ওলাই গ’ল। সেই সময়ত তেওঁলোকে বৰষুণেৰে তিতি থকা খালী ৰাস্তাটোত অকলে এগৰাকী যুৱতীক লক্ষ্য কৰিলে। মদ্যপান কৰা অৱস্থাতেই বলপূৰ্বকভাৱে এই গাড়ীত উঠাই লৈছিল ছোৱালীজনীক। ছোৱালীজনীক জন্তুৰ দৰে যৌন অত্যাচাৰ কৰিছিল। চাৰিজন শক্তিশালী যুৱকৰ যৌন প্ৰয়োজনীয়তা পূৰণ হোৱাৰ সময়লৈকে ছোৱালীজনীৰ মৃত্যু হৈছিল।
কিন্তু সিহঁতে মৃতদেহটো মাটিত পুতি থৈছিল। তেন্তে ইয়ালৈ কেনেকৈ আহিল?
— কি হ’ল? কি ভাবি আছা আপুনি নিজৰ যৌন প্ৰয়োজনীয়তা নিজেই পূৰণ কৰিলে আৰু মই মোৰ প্ৰতিশোধ পূৰ্ণ নকৰিম?
— এ....এ এৰি দিয়া মোক । মই ও সিদিনা আপোনালোকক এৰি দিবলৈ কৈছিলো কিন্তু আপোনালোকে মোক জানো এৰি দিছিলা।
কথা কওঁতে কৌস্তবে প্ৰায় কান্দি উঠিল। সেই হাড় কঁপোৱা হাঁহিটোত ছোৱালীজনীয়ে আকৌ হাঁহিলে ।
ছোৱালীজনীয়ে হাত দুখনৰে কৌস্তবৰ ডিঙিত ধৰিলে,কৌস্তবৰ ডিঙিটো তাইৰ চোকা নখবোৰে কাটি পেলালে, আৰু তেজ ওলাই আহিল। ছোৱালীগৰাকীয়ে হাতেৰে তাৰ দেহৰ তেজখিনি খাবলৈ ধৰিলে! নিজৰ সেই ভয়ংকৰ হাড় কঁপোৱা হাঁহিটো তাই হাঁহিলে। এই হাঁহিটো প্ৰতিশোধৰ!
পিছদিনা সূৰ্য্য উদয় নোহোৱাত কৌস্তবৰ ৰক্তাক্ত, ক্ষতবিক্ষত মৃতদেহটো এখন খালী ৰাস্তাত এখন বন্ধ গাড়ীৰ ভিতৰত উদ্ধাৰ হয়। সকলোৰে মনত এটাই প্ৰশ্ন যে গাড়ীত অস্ত্ৰ-শস্ত্ৰ নাই। আৰু গাড়ীখন ভিতৰৰ পৰা বন্ধ আছিল। গতিকে হত্যাকাণ্ড কোনে কৰিলে?
✍️গায়ত্রী ছেত্রী
ঠিকনা :তিনিচুকীয়া (পেঙেৰী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ