দুখৰ বৰষুণ সৰিছে দুচকুত
প্ৰতি পল উশাহ নিশাহ স্তব্ধ হৈ পৰিছে
কথাবোৰেই মোট সলাইছে জীৱন সোঁতত
তোমাৰ কথাই যেন এতিয়া কঠিন শিলত কৈ
উঠিছে কঠিন হৈ প্ৰণয়ৰ ধূসৰিত ছবিত
বাসনাৰ জীৱনত প্ৰতি পল যেন ভুল,মোৰ আশা
টোপ টোপকৈ সৰিছে নিয়ৰকণা মোৰ চকুতে
ধূসৰিত ধূলিকণা উৰুৱাই যেন চৌদিশে মোৰ নিয়ৰত ধূসৰ জীৱন বাট
শীতৰ এই ঠেৰেঙা গভীৰ ৰাতি এন্ধাৰত
কুঁৱলিবোৰেই অজগৰ দৰেই শুই পৰে
আলিৰ দুকাষত দুবৰি বনত
মই য'ত নীৰৱে আছোঁ অকলে বহি
মোৰ দুচকুৰ লোতকেই নিজানতে যেন
এডাল বিষাক্ত সাপৰ দৰেই
শীতৰ শীতাৰ্ত্ত নিশা মেৰিয়াই আছে জীৱন বাটত
মোৰ মৌন ওঁঠত বসন্তৰ হিয়া ভগা গান
তুমি আঁকি যোৱা চুমাটিয়ে মোৰ দুওঁঠত
আজিও বিষাদ বাঁহীৰ সুৰ হৈ আছে বাজি
যেন বুকুৰ ভাঁজত বৈ আছে মোৰ বিষাদবোৰ
স্ৰোতস্বিনী নদী দৰেই জীৱন গতিত
তোমাৰ দুওঁঠত আলফুলে আঁকি ল'লা সুখৰ হাঁহি
চাগে মোৰ বুকুত বাজি উঠে প্ৰণয়ৰ বিষাদ ৰাগ
২.
ডৌকা ভগা এটি চৰাই দৰে মই যেন
আছোঁ ধপ ধপাই তোমাৰ বুকুৰ চোতালত
সময়ৰ কি যে গোলকীয় উষ্ণতা
প্ৰণয় ৰাগত কি পালোঁ?
হেৰুৱাৰ বেদনাই ফাগুন অহা বাটত
তল সৰা এটি হালধীয়া সৰাপাত হৈ উচুপি উঠে
অচিন চিনাকি বাটৰুৱা হৈ ঘূৰিছা চৌদিশে
চাবলৈ আছে নে তোমাৰ বুকুত সাহ
জীৱন বাসনাত আশাৰ ৰেঙনি কঢ়িয়াই
আঁতৰি গ'লাহি কলিজা জ্বলাই হৃদয় ভাঙি
কিদৰে পাহৰো তোমাৰ কথা মই এতিয়া জীৱন বাটত
নাহৰ ফুলিছে ষদিও চৌদিশে সুগন্ধি বিলাই
পখিলা উৰিছে ফুলে-ফুল ঘূৰি ঘূৰি
বিৰহ বিষাদ যন্ত্ৰণাই কুণ্ডলীয়াই বুকুৰ ভাঁজত
নীৰৱেই সহিছোঁ মাটিৰ মানুহ হৈ
জীৱন গাঁথা স্মৃতিৰ ধূসৰিত ধূসৰ ছবি।
***
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ