ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ১৭ -নবীন চন্দ্ৰ মেধি

@admin
0
নিৰ্মল কুমাৰ শৰ্মা ছাৰৰ ছোৱালীজনীয়ে এইবাৰ ষষ্ঠ শ্ৰেণীলৈ প্ৰমোচন পাইছিল । মাক দেউতাকৰ একান্ত ইচ্ছা অনুসৰি পৰিণীতাই জৱাহৰ নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষাত অবতীৰ্ণ হৈছিল । কিতাপ পত্ৰ পঢ়িবলৈ বিশেষ একো নাছিল । জেঠাইদেউৱেকৰ ছোৱালী নিহাৰিকাই যোৱাবাৰ নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষাত অবতীৰ্ণ হৈছিল । তাইলৈ কিনি অনা কিতাপখনকে এইবছৰ মডেল পেপাৰ হিচাপে পঢ়িবলৈ লৈছিল । ইফালে বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা । মাৰ্চ মাহৰ ১৫ তাৰিখলৈকে পঞ্চম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈছিল । তাৰ পিছত দেৰমাহ সময় পালে পঢ়িবলৈ । ইফালে জাতীয় বিদ্যালয়ত পঢ়ি আছে তাই । বিদ্যালয় খতি কৰিব নোৱাৰে । ৰাতিপুৱা চাৰে আঠ বজাৰ পৰা আবেলি তিনি বজালৈকে বিদ্যালয়ৰ শ্ৰেণীকোঠাত আবদ্ধ হৈ থাকোঁতে সময় পাৰ হয় । তাৰ পিছত ঘৰলৈ উভতি আহে । ইফালে গৃহকৰ্ম বুলি বিদ্যালয়ৰ পৰা দি পঠিওৱা লিখা মেলা সমুহ আছেই । তাৰ মাজতে সময় উলিয়াই মাজে মাজে কিতাপখন উলিয়াই পঢ়িবলৈ বহে । 

সিদিনা আছিল দেওবাৰ । ২৯ এপ্ৰিল , ২০২৩ । নিৰ্মল কুমাৰে ছোৱালীজনীক লগত লৈ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পালেগৈ । জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা অনুষ্ঠিত হৈছে । পৰিণীতাৰ দেউতাকে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী দুটা পঢ়া বিদ্যালয় খনলৈ এই প্ৰথমবাৰ আহিছে তাই । ১৯৯৮ চনতে দেউতাকে এইখন বিদ্যালয়ৰ এইটো শ্ৰেণীকোঠাত বহি পঢ়িছিল । আৰু আজি তাই ষষ্ঠ শ্ৰেণীৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা দিবৰ বাবে আহিছে । দুয়ো স্মৃতি হিচাবে দুখনমান ফটো ল'লে । এটা যুগৰ পৰিসমাপ্তি ঘটিল । ২৪ বছৰ ( দুটা যুগ ) পাছত এয়া ( ২০২৩ চন ) নিৰ্মল কুমাৰে নিজৰ ছোৱালীৰ সতে এই বিদ্যালয়লৈ আহিছে । 

১১ : ৩০ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব । তাইক নিৰ্দিষ্ট আসনত বহুৱাই থৈ সি বাহিৰলৈ ওলাই আহিছিল । 
দুঘণ্টা সময় অধীৰ অপেক্ষা কৰি গেটৰ বাহিৰত ৰ'ল । লগৰ দুই এজনক লগ পালে । ভাল লাগিছে । সমনীয়াহঁতৰ ল'ৰা ছোৱালীয়েও নবোদয় পৰীক্ষা দিছে । দুই চাৰিজন বন্ধু বান্ধৱীৰ ল'ৰা ছোৱালী কলেজত পঢ়ি আছে । কোনো কোনোৱে আকৌ বি এ পাছ কৰি ওলাই আহিছিল । ২৪ বছৰ । কম সময় নহয় । সি কিন্তু একেই থাকিল । 

অৱশেষত পৰীক্ষা শেষ হোৱাৰ ঘণ্টা বাজিছিল । অভিভাৱকসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীক আনিবলৈ আগবাঢ়ি গৈছিল । পৰিণীতাই হাস্য বদনে ওলাই আহিছিল । জীয়েকৰ এই হাঁহি ভৰা মুখখন দেখা পাবৰ বাবে দেউতাক হিচাপে নিৰ্মল কুমাৰে সকলো দুখ ভাগৰ পাহৰি পেলাইছিল । তাইৰ প্ৰফুল্লিত মন দেখা পাই গম পাইছিল পৰীক্ষা ভাল হৈছে । 

গেটৰ বাহিৰলৈ ওলাই আহিছিল তাই । গেটৰ সন্মুখত আকৌ দুকপি ফটো ল'লে । তাৰ পিছত পোনে পোনে হোটেল মৌচাক । হোটেলতে কিবা এটা খাই অলপ সময় জিৰণি ল'লে । তাৰ পিছত ঘৰলৈ উভতি আহিছিল । 

দুমাহ অপেক্ষা । তাৰ পাছত ফলাফল । আশা কৰা মতেই পৰিণীতাই উৰ্ত্তীণ হৈছিল । তাৰ পিছত আকৌ দৌৰাদৌৰি । অমুক লাগে তমুক লাগে । কাগজ পত্ৰ উলিয়াই অনাৰ সমস্যা । মেডিকেললৈ দৌৰা আদি । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)