আত্ম বলিদানেৰে,স্বদেশ প্ৰেমেৰে▪️▪️বন্দনা চৌধুৰী

Rinku Rajowar
0
স্বাধীনতাৰ জয় গান গাই
বিজয় নিচান উৰুৱাই
সকলোৱে এক হৈ
জন গণ মন ৰাষ্ট্ৰীয় সংগীত গাওঁ।
হে মোৰ দেশৰ মানুহ, 
কত শ্বহীদৰ তেজেৰে, 
কত মাতৃৰ বুকু শুদা হ'ল।
হেজাৰ জনৰ কপাল উকা হৈয়ে ৰ'ল, 
আমি মাথোঁ জয়গান গাই
আনন্দত আত্মহাৰা হ'লেই নহ'ব! 
প্ৰতি টোপাল তেজৰ বলিদান
আমি অথলে যাব নিদিওঁ, 
মূলা গাভৰু, কনকলতা,মুকুন্দ কাকতি
আজিও আমাৰ মাজতে জীয়াই আছে।
সময় আহিলে, 
আই মাতৃক পূজিবলৈ,
হে মোৰ দেশৰ সন্তান
তোমাক শত শত প্ৰণাম
আই মাতৃক পূজিবলৈ
সদায় যেন আগবাঢ়ি যোৱা
আত্ম বলিদানেৰে, স্বদেশ প্ৰেমেৰে।
             
           ✍️বন্দনা চৌধুৰী
           গুৱাহাটী(শিলপুখুৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)