এনে দুৰ্যোগৰ দিনত তুমি মোক ভালপাওঁ বুলি নক'বা ••ৰাকেশ নাথ

©Admin
0
তুমি যদি কোৱা ভালপাওঁ বুলি
মই ক'ব নোৱাৰিম তোমাক ভালপাওঁ বুলি
এই দুৰ্যোগৰ দিনত কিদৰে কটাম দিন, 
প্ৰেমৰে উদযাপন কৰি

তুমি পঢ়িছাঁনে মণিপুৰৰ ডায়েৰী?
গুজৰাটৰ বুৰঞ্জী
নেলীৰ ইতিহাস
অথবা কাশ্মীৰৰ আত্মজীৱনী
দুগৰাকী মহিলাক উলংগ কৰি লৈ যোৱা
উন্মাদ সমদল দেখিছানে তুমি
শুনিছাঁনে পৈশাচিক দলবব্ধ ধৰ্ষণ
কটা মৰা... কত কি!
ছাইবেৰীয়াৰ বৰফ গলে কোন জোৱানৰ দুচকুত, তুমি নাজানা। 

দেশ জ্বলি যায় চিগাৰেটৰ দৰে
দেশ জ্বলি যায় কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ
দেশ জ্বলি যায় গুজৰাটৰ পৰা মণিপুৰলৈ। 

সকলো বিক্ৰী হয় টকাত
ৰাজনীতিক,সাংবাদিক অথবা কোনোবা বিয়াগোম জননেতা
বাৰশ টকীয়া আঁচনিত চলি যায় দেশ, 
পানী খালেই মৰি যায় পেটৰ ভোক 
সস্তাতনো কি পায় নিমখৰ বাদে!

হায়! হায়! জাতিৰ পিতা
তোমাৰ হত্যাকাৰীকো সজাই দেশপ্ৰেমিক
তেনে দেশদ্ৰোহী হয় কোন... গান্ধী!
ঋণৰ বোজা মূৰত লৈ ফাঁচীত ওলমে
খেতিয়ক 

সম্প্ৰতি সকলো মানুহেই বুকুত পুহি ৰাখিছে
একুৰা জুই
ফু মাৰি দিলেই নিমিষতে চাৰখাৰ হৈ যাব দেশ, 
উদয় হ'ব নতুন সূৰ্য। 

তুমি মোক ভালপাওঁ বুলি নক'বা
এনে দুৰ্যোগৰ দিনত
কিদৰে কটাম দিন প্ৰেমেৰে উদযাপন কৰি। 

✍️ৰাকেশ নাথ
  7638086918

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)