স্তব্ধতাৰ সময়ত-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
জী থকাৰ উশাহ হেৰাই গ'ল
জোনাকী পোহৰো নোহোৱা হ'ল
সেউজ হ'ব ধৰা সময়বোৰ
স্তব্ধ হৈ থমকি ৰ'ল।
অভিমানী হৃদয়ে গোৱা
অভিমান ভৰা কবিতাবোৰো
হঠাৎ অৰ্থহীন হৈ পৰিল
উন্মনা হৈ পাৰ কৰা দিনবোৰ
স্মৃতিৰ দলিছাত ধূসৰ হৈ পৰি ৰ'ল।
দুটোপাল চকুৰ নিয়ৰে
ডায়েৰিৰ পৃষ্ঠা হালধীয়া কৰিলে
নজনা নুবুজাকৈ জীৱনে গতি সলালে
এতিয়া মই সলনি হ'লো পৰিস্থিতি সাপেক্ষে
কবিতাৰ অনুৰাগী অভিমানী হৈ পৰিলোঁ।
এতিয়া সপোনৰ পিছত দৌৰিবলৈ
প্ৰায় এৰি দিয়াৰ নিচিনাই হৈছে
কেতিয়াবা হয়তো মোৰ
সপোনৰ কথাও পাহৰি যাম 
কাৰণ এতিয়া যে মই মৌন হৈ থাকোঁ
স্তব্ধতাৰ সময়ত জীৱন পাৰ কৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)