নিয়ৰৰ মেলা - চাদ্দাম হুছেইন

©Admin
0
প্ৰিয়াৰ প্ৰিয় কেনি গ'লা , 
 দুৱাৰ মেলি ওলাই আহা।
পদূলি মুখতে ফাগুন,
ধুৱলি কুঁৱলী সন্ধিয়া
নিৰস ডালক প্ৰাণ দিবলৈ পাতিলেহি
নিয়ৰৰ মেলা।
স্নিগ্ধ অপ্সৰাৰ লালসাত
 হিয়াৰ পাপৰি সানি
এপাহ সৰি এপাহ ওলমিব
 বিলাব শিৰে শিৰে
ভালপোৱাৰ মছৰুম ।
নিদিবা আঁতৰাই কোনে জানে কাইলৈ
আহে বা নাহে!
নিশাবোৰ এতিয়া প্ৰহৰী অমৰ অমানিশাৰ 
প্ৰভাতে কাঢ়ি নিয়ে হৃদয় দুফাল কৰি
মৰ্ত্যৰ পাৰিজাত। 

       ✍️চাদ্দাম হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)