পদূলিৰ আগত ২০২৪ - ভাস্বতী কলিতা

©Admin
0
সময় গতিশীল। দিন যায় ৰাতি আহে,  মাহ বাগৰি বছৰ আহে। এটা বছৰৰ শেষ মানেই এটা নতুন বছৰৰ আৰম্ভণি। বছৰটোত কি পালো, কি হেৰুৱালো সেয়াই অকল জীৱন নহয়, নতুন বছৰত কি হ'ব বা  কি কৰিম,  কিবা নতুনত্ব আনিব পাৰো নে নোৱাৰো তাকে চিন্তা কৰাটোহে প্ৰকৃত জীৱন। 
              আমি পুৰণি বছৰ বিদায় দি নতুন বছৰ প্ৰত্যেকবাৰেই আকোঁৱালি লওঁ। এতিয়া আমি ২০২৪ক আদৰাৰ সময়। ২০২৩ চনটোত কি পালো,  কি হেৰৱালো সেই সকলোবিলাক একাষৰীয়া কৰি থৈ আমি নতুনত্বক আদৰিবলৈ আনন্দত আত্মহাৰা হওঁ। মনত সৃষ্টি হয় এক নতুন উদ্যম, নতুন পৰিকল্পনা। ২০২৩ চনটো আছিল আশা-নিৰাশাৰ বছৰ। জোনবাইৰ দেশত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ, সূৰ্যলৈ আদিত্য এল ৰ উৎক্ষেপণ, জি-২০ ৰ দৰে সন্মিলন আদি ভাৰতবৰ্ষই নানান কাৰ্যকলাপত সফল হ'বলৈ সক্ষম হৈছে। বৰ্তমানৰ মানুহ হৈছে আশাবাদী। ২০২৪ চনটো আকৌ আশাবাদী চিন্তাৰে আগুৱাই যাবলৈ প্ৰস্তুতি চলাবৰ হ'ল। এটি নতুন বছৰ, নতুন পুৱাৰ জী উঠিবৰ হ'ল। সকলো লোকে ইতিবাচক চিন্তা, মনোভাবেৰে আগুৱাই যাবৰ হ'ল। এই নতুন বছৰত সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক। সকলো লোকৰে জীৱনলৈ আহক অনাবিল সুখ-শান্তি।
                
                ✍️ ভাস্বতী কলিতা
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)