জীৱনৰ অমূল্য ৰত্ন
সযতনে থৈছো হিয়াত সাঁচি
ইয়াৰ পৰাই জন্ম হয় সদা
সাহস,প্ৰেৰণা
জীৱন পান কৰাৰ হেজাৰ শক্তি..!
তোমাৰ অমূল্য উপহাৰত
অভিজ্ঞ মই প্ৰেমৰ দিশত
জানিলো,বুজিলো বহু কথা
জটিল বাস্তৱৰ সৈতে
এতিয়া পাৰো মই যুঁজিব..।
এটি দীঘল হুমুনিয়াৰ মাজতো
কৰো সন্ধান ভালপোৱাৰ
মৃদু হাঁহিৰে অভিনয় কৰো সুখৰ
নাই আক্ষেপ জীৱনক লৈ
চিঞৰি কও গগন ফালি
সুখী আত্মা মই
চলি আছো,চলি যাম
মৃত্যু আহিলে মৰি যাম..।
✍️ সঞ্জীৱ চৰকাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ