লক্ষীয়ে কোনো প্ৰত্যুত্তৰ নিদিয়াকৈয়ে গেটখন খুলি ওলাই গ'ল । ঘৰৰ মালিকীনিৰ কথা কাণষাৰ কৰিব নোৱাৰে ।
কিছুসময় পিছত ঘৰৰ সকলো কাম শেষ কৰি মনোৰমাই নিউজ চেনেলটো অন কৰি চোফাখনত বাগৰ দিলে । দেখিলে
– গণণভেটি এটি আৰ্তনাদ, তাৰপিছত সকলো
নিশ্চুপ, নিস্তব্ধ ! গাৰ কাপোৰযোৰ কোনোমতে সম্ভালি , ক্ষুধাতুৰ পশুকেইটাৰ কামাগ্নিৰ পৰা নিজকে ৰক্ষা কৰিব'লৈ আপ্ৰাণ চেষ্টা কৰিছে ; তথাপিও তাই ব্যর্থ .... এটুকুৰা শিলত উজুটি খাই তাই ঢলি পৰিল ।লগে লগে জপিয়াই পৰিল নৰৰূপী পিশাচ চাৰিটা। প্ৰবাল ৰক্তগংগাৰ স্রোত শূন্যতাৰ বান্ধোন চিঙি ওলাই আহিছে। এই নৰকীয় ঘটনাৰ একমাত্ৰ চাক্ষুষ সাক্ষী নেউলটো ।তাই কেৱল চটফটাইছে, উন্মুক্ত আকাশৰ তলত সজাৰে মইনাটি হৈ। বিশাল জনাৰণ্যত তাই মৰীচিকাৰ সন্ধান কৰিছে; জীৱাত্মা
যেন পিছলি গৈ আছে এগভীৰ পংকিল পিতনিত। জীয়াই থকাৰ বাসনাটো ইয়াতেই যেন অস্ত যাব'লৈ উদ্যত হৈছে। এআকাশ
কাতৰোক্তিৰ পাছতো পাষণ্ডকেইটাই প্ৰকাণ্ড শিল এটাৰৈ মুখখন নিঃচিহ্ন কৰি পেলালে! কামাগ্নিৰ অৱবাহিকাত জাহ গ'ল
এপাহ সদ্য পুষ্পিত কুসুম ।
হঠাৎ মোট সলোৱাৰ দৰে ৰুমলৈ আহি নীৰৱে ৰক্তিম শ্বাৰ্টখন ৱাশ্বিং মেছিনটোত ভৰাই দিলে। বিজ্ঞানৰ অভিনৱ অৱদানেও যেন কালৰ সোঁতত মহাকাल হৈ থিয় দিছে; এগৰাকী নাৰীৰ সতীত্ব হৰণকাৰীৰ পাপবোৰ আধুনিক এই মেচিনটোৱে পলকতে ধুই-পখালি নিৰ্মল কৰিলে। ড্ৰইং ৰুমলৈ গৈ মাকক মাত লগালে, -"অ' মা , তোমাৰ পূজা হ'লনে? ভৰ সন্ধিয়া টোপনি যে ? " মাকে থতমত খাই স্বস্তিৰে নিঃশ্বাস এটা লৈ উঠি বহিল ,- " ছোৱালীজনীৰ সপোনৰ ৰহঘৰাটো কেনেকুৱা পাষণ্ডই ধ্বংস কৰিলে, কাইলৈ পৰা অসময়ত লক্ষীক ওলাই যাবলৈ
নিদিওঁ ।" নিউজত দি থকা ঘটনাটো বুজিব
পাৰি চেনেলটো নীৰৱে সলনি কৰি দিলে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ