আকাশত দেখোঁ ৰ'দৰ বিলাপ••নিপু কুমাৰ দাস

©Admin
0
আকাশত দেখোঁ ৰ'দৰ বিলাপ 
তুমি নোহোৱাৰ বাবেই 
কাঁচিয়লি ৰ'দেই
লিখিছে তোমালৈ ৰ'দৰ চিঠি। 

তুমি নোহোৱাৰ উমান পাই 
পদূলিৰ মুখৰ ৰজনীগন্ধা ফুলা নাই 
শেৱালি বকুল ফুলি লেৰেলি গ'ল
কোনো নাহিল বুটলিবলৈ।

উকা উকা যেন আজি কিয়
মোৰ হৃদয়ৰ বাটচ'ৰা----
আবেলি বেলিৰ নিজান পৰত
তোমালৈ জানো মোৰ মনত পৰে।

নিজান দুপৰীয়া বাঁহীৰ সুৰত এতিয়া 
কিয় জানো মোৰ হৃদয় কঁপে
কি প্ৰেম ভালপোৱা আছিল তোমাৰ 
বিষাদিত জীৱন এতিয়া মোৰ।

মোৰ হৃদয়ৰ কুঞ্জবনত 
ফুলিব দুখৰ খৰিকাজাঁই 
বতাহত যাব গোন্ধ আমোল মোলাই 
তোমাৰ জানো মোলৈ পৰিব নে মনত ।

বুকুৰ ভাঁজত কঢ়িয়াই তোমাৰ মৰম
আজিও আছোঁ যন্ত্ৰণা কাতৰ হৈ
তুমিতো নুবুজিবা কিদৰে আছোঁ মই 
নীৰৱ ব্যথা হৃদয়ত লৈ জীয়াই-----।
                       ***
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)