সময়ে সিঁচি দিয়ে পৰিৱৰ্তনৰ শইচ -পূজা গোহাঁই

©Admin
0
দিন বোৰ বাগৰি যায়
সলনি হয় মানুহৰ মনৰ ভূগোল
সলনি হয় গতি আৰু প্ৰকৃতি
যতি নাই গতিৰ বাহিৰে ।

বহু ৰং সানিও মচিব নোৱাৰি
সময়ৰ দেও লগা ছবিখন
বজাৰ নোৱাৰি সুললিত বাঁহী
আবেগৰ ৰাগ টানি ।

ত্ৰস্তমান সময়ত খোপনি পুতিছে শংকাই
জোনাকৰ শিপাবোৰ লুকাই গৈছে
অনাকাংখিত ভাৱনাৰ চাপত

সুন্দৰতম পৃথিৱীত এতিয়া নাইচোন
বকুলফুলীয়া হাঁহিৰ খলকনি
জয়াল ৰাতিৰ ভয়াবহতাত
নিশ্চুপ হৈ পৰিছে সপোন ।

শ্ৰদ্ধাভাজন জনো ক্ৰমাৎ আতঁৰি যায়
অনেক ব্যস্ততাৰ অজুহাতত
এতিয়া আশাৰ  বৰঘৰত
অনাকাংখিত সময়ৰ উদ্দাম নৃত্য
মৰুৰ মাজত মৰীচিকা খেদি
ভাগৰুৱা হৈছে জীৱন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)