অভিমানী হৃদয়ৰ উচুপনি- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তুমি গুছি গ'লেও চোন
তোমাক অতীতৰ সোঁৱৰণী
হালধীয়া পৃষ্ঠাত ৰাখিব পৰা নাই
বিশ্বাস কৰিবলৈও টান হয়
তুমি যে মোৰ জীৱনত নাই ।
তোমাৰ মৃত্যুৰ দিনা যে
সকলো বস্তুৱেই লৈ গৈছিল জানা 
মনে মনে তোমাৰ হাতঘড়ীটো
আৰু কেইটামান বস্তু লুকুৱাই
ৰাখিছিলো 
এতিয়া সেইকেইটা স্পৰ্শ কৰিলেই 
তোমাৰ কথা মনত পৰে
তুমি মোৰ কাষত আছা যেন লাগে।
দেউতা অ দেউতা এবাৰ শুনানা মোৰ অভিমানী হৃদয়ৰ উচুপনি
এবাৰ মোক সাৱটি ধৰি
 নিচুকাই চকুলো মচি দিয়ানা।
 সঁচাকৈ নোৱাৰোঁ অ দেউতা
বহুত বেছি মনত পৰে কেতিয়াবা 
নিশাৰ গভীৰতাত আকাশখনলৈ চালে
দুচকুয়ে একো দেখি নোপোৱা হয়
নিজান নীৰৱ নিশাত
মণিব নোৱাৰা হৈ পৰে
তোমাৰ শুকান মৰিশালীটো
তোমাৰ কথা ভাবিলেই
দুচকুৰে চকুলো নিগৰে দেউতা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)