সুখ যে ক্ষন্তেকীয়া তাৰে পৰিণাম•ধনমণি কোঁৱৰ

Rinku Rajowar
0
: কাইটি অহ কাইটি কাইটি।
: অহ ৰামু চোন কৰ পৰা ওলালিহি । আঁহা বহাহি । 
: ঘৰৰ পৰাই আহিছোঁ । ভাল খবৰ এটা আছে নহয়।  
: অহ হয় নেকি ! পিছে কি খবৰ? 
:  ল'ৰাই চাকৰি পালে ।
: এহ কি ক। কি চাকৰি পালে?
: পুলিচত ।
: অহ হয় নেকি । বৰ ভাল কথা গাওঁখনত এটা হ'লেও যে চাকৰি হ'ল। পিছে পাৰ্টি লাগিব কিন্তু।
: এই কাইটি চিন্তা নকৰিব । আজি ৰাতি ভোজ এটা পাতিছো তাকে নিমন্ত্ৰণ কৰিব'লৈ আহিছোঁ ।
: অহ ! তেন্তে আজি ৰাতি সাজ তোমাৰ তাতে।
: নিশ্চয় নিশ্চয়। পিছে মই এতিয়া গৈ থাকোঁ।
: এহ ৰ'বা ইমান দিনৰ মূৰত আহিছা চাহ একাপ খাই যোৱা।
: এহ নালাগে কাইটি ।
: ৰ'বা । হেৰা শুনিচা আমাৰ ৰামু আহিছে  চাহ দুকাপ বনোৱা। 

     ৰামু আৰু ঘন দুয়ো সৰুকালৰে পৰা বন্ধু । বন্ধু যদিও ৰামু ঘনতকৈ ডাঙৰ হোৱাত ৰামুৱে ঘন কাইটি বুলি মাতে। দুয়োৰে ঘৰ কেইটা গাওঁখনৰ ইটো- সিটো মুৰত । সেইহে ইমান অহা যোৱা নহয় । আজি ল'ৰাৰ চাকৰি পোৱাৰ ফুৰ্টিত ক্ষন্তেক ৰামুৱে ওলাই  আহিছে। দুই বন্ধু লগ হৈ মৌ-মিঠা কথা পাতোতে বৌটিয়ে মাত লগাই।

   : ৰামু চাহ লোৱা । 
   :  এই বৌটিক আহি কষ্টহে দিয়া হল।
   : এই তুমিও যে কি কোৱা । পিছে লৰাই চাকৰি পালে বুলি  আমাক পাহৰি নাজাবা। 
   : বৌটিও যে কি কথা কয় ।  আপোনালোকৰ সহায়ৰ বাবেটো আজি ল'ৰাটোৱে চাকৰি পাইছে। আপোনালোকক নো কেনেকৈ পাহৰো। আপোনালোকে যদি সময় মতে টকা কেইটা নিদিয়া হ'লে ক'ত নো এই দুৰ্ভগীয়া খেতিয়কৰ লৰাই চাকৰি পায়।

        (ঘনৰ নিজৰ লৰা-ছোৱালী নাই সেইহে ৰামুৰ লৰাটোকে নিজৰ ল'ৰা বুলি দুই- এটা সহায় কৰে)।

      : বাৰু বৌটি সন্ধিয়া অলপ সোনকালে যাব। আমাৰ এওঁক  অলপ সহায় কৰি দিব ।
      : হ'ব দিয়া মই যাম বাৰু
      :  ঘন কাইটি আহিছোঁ তেতিয়াহ'লে ।
      : ওম দিয়া বাৰু 

আনন্দতে আজি ৰামু  মতলিয়া । কিয়নো নহ'ব আজি লৰাটোৱে চাকৰি পাইছে । ইমান কষ্ট কৰি পঢ়োৱাৰ পাছত পুতেকে সুফল দেখুৱাব পাৰিছে। তাতোকৈ আনন্দ কথাটো হ'ল  গাওঁ খনৰ  ভিতৰত তাৰ ল'ৰাই প্ৰথম  চাকৰি পাইছে। ৰামুৰ লগতে আজি গাওঁখনটো আনন্দ ময় পৰিৱেশ । 
           ক্ৰমানৱে সন্ধিয়াৰ অমানিশা নামি আহিছে। সকলো যোগাৰ পাটিও হৈছে।
    তেনেতে দুদিন মানৰ আগতে পুতেকে বাপেকক আনি দিয়া কিপেইড মোৱাইল টো কিৰিং কিৰিং কৈ বাজি উঠে ।

    : হেল্লৌ মিষ্টাৰ ৰামু বৰুৱা।
    : হয় কওক চোন ?
    : আপোনাৰ ল'ৰা accident হৈছে। 
    : কি !  কি কৈছে এইবোৰ আপুনি ?
    : হয় । তেখতৰ বৰ্তমান মৃত্যুও হৈছে ।
ফৌনটো হাতৰ পৰা পৰি । বাপেক মাটিত ধলি পৰিছে । চাৰিও ফালে চিঞৰ-বাখৰ । 
   ঐ কি হৈছে ধৰ ধৰ ৰামুক ধৰ।
   : ঐ ভিতৰৰ পৰা কোনোৱাই পানী আন। 
   : হেৰি আপোনাৰ কি হৈছে । (পত্নী)
   :  ঐ ৰামু  কি হৈছে তোৰ ( ৰামুৰ বন্ধু ঘন)
  
    :  সকলো শেষ হৈ গল অ কাইটি । 
    : কি হল নক কিয়?
    : আমাৰ ৰক্তিমৰ accident হৈছে ।
    : কি! কি কৈছ তই এই বোৰ তই । 
    : হেৰি কি কৈছে এইবোৰ আপুনি ?
    : অহ এই মাত্ৰ ফোন কৰি খবৰ দিছে । আমাৰ ল'ৰা আৰু আমাৰ লগত নাই । দ্ৰুতবেগী ট্ৰাকে  কাঢ়ি নিলে আমাৰ ল'ৰাক । ভগৱান কিয় ইমান নিষ্টুৰও  কাইটি ইমান কষ্ট কৰি পঢ়াইছিলো তাক কিন্তু কাঢ়ি নিলেও কাইটি আজি আমাৰ পৰা । ( কান্দি কাটি মাক - দেউতাকৰো  অৱস্থা নাই । বুজাব কোনে বুজিব কোনে । চাৰিওফালে চোন কান্দোনৰ পৰিৱেশ )

 

         ধনমণি কোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)