বিশ্বাসবোৰ সামৰি আমি সদায় লগত আছোঁ,
এই যে দূৰত্ব বাঢ়ি যোৱাৰ পিছতো
ভালপোৱাবোৰ সদায় একেদৰেই ৰাখিব চেষ্টা কৰিছোঁ,
এই যে সূৰ্য্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈ
তোমাৰেই কাহিনী ৰচোঁ,
এই যে একেজাক মলয়া বতাহে দুয়োকে চুই যায় আৰু দি যায় মোক তোমাৰ প্ৰেমৰ সুবাস আৰু
তোমাক মোৰ প্ৰেমৰ সুবাস,
এই যে একেসময়তে এখন আকাশতে পূৰ্ণিমাৰ জোনটো দুয়োৱে উপভোগ কৰোঁ
অথচ সীমাহীন দূৰত্বৰ পৰা ,
এই যে বৰষুণ আহিলেই তুমি তুমি লগা ভাৱবোৰ
বৈ আহে তোমাৰ পৰা মোলৈ,
এই যে ফোনত তোমাৰ মাতটো শুনিলেই ক'ব পাৰোঁ
মন বেয়া নেকি তোমাৰ ??
এই যে তুমি কবিতা বেয়া পোৱাৰ পিছতো মোৰ মাতত কবিতা শুনা কাৰণ মোক ভালপোৱা বাবেই,
এয়াই চাগে কাৰোঁবাৰ প্ৰতি থকা অপৰিসীম ভালপোৱা
সময় সলনি হওঁক অথচ মৰম একেদৰেই থাকক ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ