ভীমৰাও ৰামজী আম্বেদকাৰ - এজন মহানায়কৰ জীৱনৰ লেচেৰি▪️▪️পঙ্কজ ৰবিদাস

@admin
0
দেশৰ মহানায়ক তেওঁ। নিজ দেশতে নহয়, দেশে-দেশে পূঁজিত, বিশ্ববন্দিত তেওঁ। বিগত ২৪ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ৰ সম্মুখত এইজনা মহানায়কৰ প্ৰতিমূৰ্ত্তি দেশৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই অনাবৰন কৰিছে। তেওঁ হৈছে শতিকাৰ শ্ৰেষ্ঠতম ভাৰতীয় আখ্যাৰে বিভূষিত, ভাৰতৰত্ন, যুগনায়ক, বঞ্চিত ভাৰতৰ পিতৃ, সিংহপুৰুষ, ভাৰতৰ সংবিধানৰ খনিকৰ, গৱেষণাৰ যোগেদি চাৰিটাকৈ ডিগ্ৰী ল'বলৈ সক্ষম হোৱা প্ৰজ্ঞাৰ সাধক, প্ৰথম পালি ভাষাৰ ব্যাকৰণ লিখক, ৯ টাকৈ ভাষাত দখল থকা মহামণীষি ভীমৰাও ৰামজী আম্বেদকাৰ। ২০১২ বৰ্ষত ৰিলায়েন্স মোবাইলৰ পৃষ্ঠপোষকতাত আউটলুক আলোচনীয়ে CNN-IBN আৰু History চেনেলৰ সহযোগিতাত কৰা জনতাৰ জৰীপত শতিকাৰ শ্ৰেষ্ঠতম ভাৰতীয় আখ্যাৰে বিভূষিত হৈছিল চিম্বল অফ ন'লেজ বুলিও জনাজাত এইজন মহাপুৰুষ আম্বেদকাৰ। আজি আম্বেদকাৰ এটা মাথোঁ নাম নহয়, ই হ'ল শোষিত জনতাৰ প্ৰাণ, বঞ্চিত ভাৰতৰ জয়গান। সেয়ে শোষিত জনতা তথা অনুসূচিত জাতিৰ লোকসকল সংগঠিত হৈ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিলে সভাস্থলীত প্ৰতিধ্বনিত হৈ ৰয় "জয় ভীম! জয় ভীম! জয় জয় জয় জয় ভীম!" তেওঁক ভাৰতবাসীয়ে বাবাচাহেব বুলিও কয়। মাৰাঠী ভাষাত ইয়াৰ অৰ্থ হ'ল- পিতৃ বা পিতা। মাতৃ ভীমাবাঈ চকপালৰ পৰা তেওঁৰ নাম ভীমৰাও, পিতৃ ৰামজী মালোজী চকপালৰ পৰা তেওঁৰ মধ্য নাম ৰামজী আৰু পিতৃপুৰুষৰ গাঁৱখনৰ নাম অম্বাৱেডাকাৰৰ পৰা আম্বেদকাৰ উপাধিৰে তেওঁক জনা যায় বুলি কিছু লোকে কয়। আনহাতে কিছুলোকৰ মতে ব্ৰাহ্মণ শিক্ষক কৃষ্ণকেশব আম্বেদকাৰে শিশু ভীমৰাওৰ পাণ্ডিত্যত মোহিত হৈ সেইসময়ৰ জাত-পাতৰ উচ্চ-নীচ ভেদভাৱৰ পৰা সাময়িক পৰিত্ৰাণ পাবলৈকে শিক্ষকজনৰ নিজৰ উপাধিটো পৈত্ৰিক উপাধি চকপালৰ সলনি লিখিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ ফলশ্ৰুতিত আজি ভীমৰাও চকপালৰ সলনি ভীমৰাও আম্বেদকাৰ বুলি জনাজাত হয়। ১৮৯১চনৰ ১৪ এপ্ৰিলত বঞ্চিত সকলৰ ত্ৰাণকৰ্তা এইজন মহাত্মাৰ জন্ম অবিভক্ত বোম্বাই প্ৰেচিডেন্সিৰ ৰত্নগিৰি জিলাত হৈছিল। বৰ্তমান মধ্য প্ৰদেশৰ অন্তৰ্ভুক্ত মওউ (mhow) নামেৰে পৰিচিত যদিও পিছলৈ গাওঁখনৰ নাম আম্বেদকাৰ নগৰ নামেৰে জনাজাত হ'ল। তেওঁ ভাৰতীয় হিন্দু দৰ্শনৰ সমাজ ব্যৱস্থা মতে অতি শূদ্ৰ বৰ্ণৰ আছিল আৰু মানৱীয় মৰ্য্যদাক ভূলুণ্ঠিত কৰি আন তথাকথিত উচ্চ বৰ্ণৰ লোকসকলৰ সৈতে একেলগে উঠা-বহা কৰা বা ৰাজহুৱা বস্তু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল। শ্ৰেণীকোঠাত অকলশৰীয়াকৈ নিজে বস্তা পাৰি বহিব লগা হৈছিল, অথবা কেতিয়াবা বাৰান্দাতে থাকি খিৰিকিয়েদি পাঠ গ্ৰহণ কৰিছিল। পিয়াহত আতুৰ হৈ থাকিলেও বিদ্যালয়ত ৰাখি থোৱা কলহৰ পৰা তেওঁ নিজে পানী লৈ খাব নোৱাৰিছিল। গৰু, কুকুৰ আদিয়ে ৰাজহুৱা পুখুৰীৰ পানী খাব পাৰিলেও তথাকথিত নিম্ন বৰ্ণৰ হোৱা বাবেই আম্বেদকাৰহঁতৰ দৰে শিশু বা বয়স্ক লোকেও ৰাজহুৱা পুখুৰীৰ পানী খোৱাটো অপৰাধ বুলি বিবেচনা হৈছিল। সেয়ে তেওঁ ৰাজহুৱা পুখুৰীৰ পানী খোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ১৯২৭ চনত মহাৰ সত্যাগ্ৰহৰ নেতৃত্ব দিছিল আৰু এই আন্দোলন আছিল ৰাজহুৱা পানীৰ উৎস সাৰ্বজনীন কৰিবলৈ কৰা পৃথিৱীৰ প্ৰথম সত্যাগ্ৰহ। তেওঁ সেই সময়ত শূদ্ৰ বৰ্ণৰ লোকৰ বাবে মন্দিৰত প্ৰৱেশ কৰিবৰ বাবেও আন্দোলনৰ নেতৃত্ব বহন কৰিবলগীয়া হৈছিল। উচ্চ পদত চাকৰি কৰিয়ো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পিয়ন,চকিদাৰ আদিয়েও উচ্চ বৰ্ণৰ আলম লৈয়েই বিচৰা ফাইল আদি দলিয়াই দিছিল আৰু পানী খাবলৈও আচোতিয়াকৈ গিলাচৰ ব্যৱস্থা কৰিছিল। এই কথাবোৰ তেওঁৰ অলপো হজম হোৱা নাছিল বাবেই জীৱনৰ শেষ সময়ত তেওঁক অনুকৰণ কৰা লক্ষ লক্ষ লোকৰ সৈতে নাগপুৰত হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)