নিতৌ ৰাতি এটি দুটিকৈ
চিঙি চিঙি শেষ হোৱা
পোহৰৰ কণিকা,
নৱ প্ৰভাত কিয় ইমান উজ্জ্বল
কেইটা প্ৰদীপৰ শিখা পুৰি
কাৰ্বন হ'ল !
দুচকুৰ আগতে জ্বলি
গলি গলি শেষ হোৱা
এটি মমবাতি,
পোহৰ বিলাই আকৌ সৃষ্টিৰ পথত
অজস্ৰ পোহৰৰ কণিকা ।
✍️চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া
ডাকঘৰ -ৰঙিয়া , কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ