নিটাল নিঃস্তব্ধ হৈ পৰি ৰ'ল
স্তব্ধ হুমুনিয়াহটি মৌন হৈ
বুকুয়েদি ঘপককৈ পাৰ হৈ গ'ল।
নীৰৱ হৈ থাকি ভালপাওঁ যদিও
কেতিয়াবা অকলশৰে থাকিবলৈ
বহুত বেছি ভয় লাগে জানা।
নিঃসংগতাৰ ক্ষণবোৰে যে
মোক উদাস কৰি দিয়ে
অভিমানী হৃদয়খন যে ইমান
শক্তিশালী নহয় যুঁজিব পৰাকৈ
বৰ সহজতে আৱেগিক হৈ পৰো
চকুলো ধৰি ৰাখিব নোৱাৰোঁ ।
কেতিয়াবা জীৱনৰ সঠিক ঠিকনা
বিচাৰি হাবাথুৰি খাই ফুঁৰো
মৰীচিকা যেন এটি সপোনে
অভিমানী হৃদয়ৰ খিৰিকী খুলি জুমি চায়
বুকুয়েদি বাগৰি যায় মোৰ
আধৰুৱা সপোনৰ সুতি
আৰু যে এটি শেষ হৈ যাব বিচৰা
বৰ দীঘলীয়া হুমুনিয়াহ....
সেয়া ভাগৰি পৰাৰ হুমুনিয়াহ।
◾দিপশিখা ৰাজকোঁৱৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ