গল্প◾পাহৰিব নোৱাৰা সেই বেদনা🔺দিপশিখা ৰাজকোঁৱৰ

@admin
0
নিজৰ সপোনবোৰ সামৰি মৌপ্ৰিয়া গুছি গ'ল ঘৰৰ পৰা আঁতৰি। কিমাননো আনৰ কথা শুনি জীৱনটো পাৰ কৰিব।সেয়ে তাই গুৱাহাটীলৈ বুলি যাব'লৈ সিদ্ধান্ত ল'লে।গুৱাহাটীত প্ৰথম প্ৰথম ভয়ে ভয়ে দুদিনমান কটালে।কিয়নো তাত সকলো অচিনাকী আছিল।কিন্তু কেইদিনমানৰ পিছত তাইৰ সমবয়সৰে ছোৱালী এজনী তাইৰ সংস্পৰ্শলৈ আহিল ।তাইয়ো দুবছৰ আগৰে পৰা কামৰ তাগিদাত গুৱাহাটীত আছে। ব্যক্তিগত কোম্পানী এটাত দুইজনীয়ে একেটা কাম কৰি আছে। সদায় আহোঁতে যাঁওতে আৰু অফিচত থকা সময়ত দুইজনীয়ে কথা পাতে।দুইজনী ভাল বান্ধৱীৰ দৰে হৈ পৰিল। তুমিৰ পৰা তই সম্বোধন হ'ল। এদিন মৌক একেলগে ৰুমত থকাৰ কথা ক'লে।মৌয়ে ভালেই পালে। অকলশৰীয়া সময়বোৰ তাইৰ লগত কটাই নিজকে অন্ততঃ ব্যস্ত কৰি ৰাখিব পাৰিব।
এনেকৈ সময়বোৰ পাৰ হ'ল দুইজনীৰে।ইজনী সিজনীৰ আপোন হৈ পৰিল। সকলো কথাই আলোচনা কৰা হ'ল।ইজনিৰ অবিহনে সিজনী যেন আধৰুৱা হ'বলৈ ধৰিলে।
এতিয়া মৌক গভীৰ নিশা চম্ভালিব পৰাকৈ স্বপ্নাই তাইক বুজি পোৱা হ'ল।
::::::- আজি মোৰ কথা কিবা সুধিছিল নেকি?
:::::::- কিয় অহা নাই সুধিছিল।
::::::- কি বুলি কলি?
:::::::- গা ভাল নাই বুলি ক'লো।
::::::- কিয় মিছা কথা কলি।
:::::::- তেনে মই কি কম। কান্দি থকাৰ কম হা।
::::::- স্বপ্না।
::::::- কি হৈছে অ তোৰ? কিয় এনেকৈ থাকা আজিকালি।ৰুমটোত আমি দুজনীয়ে থাকোঁ।তই মন বেয়া কৰি থাকিলে মোৰ জানোঁ ভাল লাগে মৌ।
::::::- পাহৰিব পৰা নাই স্বপ্না সেই সময়বোৰ।
::::::- মৌ। হৈ যোৱাবোৰ হৈ গ'ল।মন বেয়া কৰি নাথাকিবি।
::::::- ঠিকেই কৈছ তই হৈ যোৱাবোৰ হৈ গ'ল। কিন্তু মোৰ লগত যে যি হ'ল সেয়া জানোঁ মই পাহৰিব পাৰিছোঁ। কেনেকৈ মোৰ ওচৰলৈ আহিছিল সেয়া আজিও মনত পৰিলে ভয় লাগে,শিয়ৰি উঠো মই।( জোৰকৈ কান্দি উঠিল মৌ)
:::::::- মৌ মোক তই একো ক'ব নালাগে। মই সকলো জানোঁ ।
:::::- মানে?
:::::::- বেয়া নাপাবি।পৰহি তই ডায়েৰি লিখি থাকোঁতে তেনেকৈ শুই গৈছিলি। মই তেতিয়া তোৰ অনুমতি নোলোৱাকৈ সকলো পঢ়িছিলোঁ আৰু ভালকৈ থৈ দিছিলোঁ।তই মোকো কোৱা হ'লেও হয়। এনেকৈ মনৰ ভিতৰত কথাবোৰ লৈ থাকিলে কষ্টহে পোৱা যায়।আৰু মইনো তোৰ কোনোবা পৰ নহয়তো।
:::::::- কি বুলি কম তোক। ভাল নলগা হৈছে জীয়াই থাকি। কিমান বাৰ আত্মহত্যা কৰিব লৈছোঁ। কিমান...... কিমান আৰু এনেকৈ জীয়াই থাকিম স্বপ্না।ভাগৰি পৰিছোঁ মই।
::::::- এনেকৈ নকবি মৌ। মই আছোঁ নহয়।
:::::::- এনেও মই বেছিদিন জীয়াই নাথাকোঁ।
:::::::- চুপ একদম চুপ থাক।তই যুঁজিব লাগিব। এতিয়া শুই থাক। কাইলৈৰ পৰা ভাল ছোৱালীৰ দৰে কাম কৰিবি।
:::::::- পাৰিম জানোঁ ।
::::::- পাৰিবি। মই সদায় তোৰ লগত আছোঁ।
::::::- হ'ম।পাহৰিব নোৱাৰি অ স্বপ্না মোৰ জীৱনৰ সেই ঘটনাবোৰ।
::::::- ভাবি ল সেয়া এক দুঃস্বপ্ন আছিল। এতিয়া নিজৰ কথা ভাব।নিজৰ সপোনবোৰৰ কথা ভাব।
::::::- উম বহুত দূৰ আগুৱাই যাব লাগিব মই। কিন্তু......
:::::::- কোনো কিন্তু নাই।তই সাহসী হ মৌ।
মৌৱে স্বপ্নাক সাৱটি ধৰি উচুপি উঠে।
 কোন কেতিয়া কাৰ বাবে আপোন হৈ পৰে কোনেও ক'ব নোৱাৰে। আপোনাবোৰ এদিন হেৰাই যায়। অচিনাকীবোৰে এদিন চিনাকি হৈ সংগ দিয়ে।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)