নৱবৰ্ষৰ উদযাপনৰ পৰম্পৰাগত সংজ্ঞা বিচাৰি•কমল দাস

@admin
0
প্ৰাজ্ঞতনুজনে কৈছিল
জীৱনৰ প্ৰতিটো দিনেই ইতিহাসৰ একোটা পৃষ্ঠা!
আজি কি ভাল কাম কৰিলোঁ প্ৰতিদিনে মনত পেলোৱা!
সেয়েহে আমি কিছুৱে ভাৱোঁ! 
জীৱন উদযাপনৰ সংপৃক্ত কিবা আছে নেকি?
কালিলৈ নতুন বছৰটিৰ আদৰণি জনোৱা হ'ব।
নতুন বছৰৰ প্ৰথম দিনটিতে অনেক জীৱ হত্যা কৰা হ'ব!
নিৰপৰাধী জীৱৰ তেজ মিহলোৱা আঞ্জাই
আমি আহাৰ গ্ৰহণ কৰিব লাগিব!
অৰ্থাৎ অন্য বছৰৰ দৰে এইবাৰো হত্যা হিংসাৰে 
আমি (২০২৪)ৰ নৱবৰ্ষক আদৰণি জনাম!
এই আহাৰৰ লগতে অহংকাৰ ভাৱ‌ গাঁঠা,
গৰমপানী অকণমানো থাকিব।
সেইকণো গ্ৰহণ কৰি 
অশ্লীল মাত-কথা কেইটা লগত লৈ
প্ৰিয়জনৰ লগতেই ৰণাংগনত নামিম...
মনৰ আনন্দতে কেতিয়ানো আদালতৰ কাঠগড়াত
অথবা চিকিৎসালয়ৰ বিচনাত থাকিম গমকে নাপাম।
 কিযে আনন্দৰে বছৰটিক আদৰণি জনোৱা হ'ব
ভাবিলেই ভাল লাগে!
যাওক নিজস্ব ! জহন্নামে যাওক!
নৱবৰ্ষ উদযাপনৰ পৰম্পৰা ৰক্ষা কৰিবই লাগিব,
নহ'লে আমি কিহৰ মানুহ!
কিহৰ জীৱ শ্ৰেষ্ঠ !



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)