নীৰৱ-কৰবী গগৈ

Rinku Rajowar
0
কমলাৰঙী স্বপ্নবোৰ 
আধুনিকতাৰ বৃষ্টিত ভিজে
অনুভৱক আৱদ্ধ 
অসম্ভৱ,
অথচ লুকুৱাই ৰখাৰ অপচেষ্টাত ব্যস্ত জগত৷
বালিত পদচিহ্ন...
মুখাৰ মায়াজাল৷ 
ক্ষমতাত বলীয়ান,
নিৰীহজনৰ আৰ্তনাদ..
নাই 
শাসকীয় পক্ষ,
সকলো অন্ধ, কলা- বোবা কিম্বা দৰ্শক৷ 
এনকাউণ্টাৰ আৰু নীৰৱতা,
উষ্ণতা লালসাৰ,
শক্তি প্ৰদৰ্শন
বৰ্বৰতা, কোলাহলৰ প্ৰদূষণ চৌদিশে৷
লুপ্তপ্ৰায় সেউজীয়া...
আশাবোৰ বিকলাংগ,
 নতুনত্ব 
দিন, মাহ, বৰ্ষৰ৷ 

✍️কৰবী গগৈ
   ডিব্ৰুগড়
৯৯৫৭০৪৯০১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)