ভিক্ষাৰ মোনাখন মোৰ লগৰীয়া
ফুটপাথ মোৰ আশ্ৰয়
য'ত নিদ্ৰাদেৱীয়ে মোক আঁকোৱালি লয়।
নাই দিন নাই ৰাতি একেই মাত্ৰ হাহাকাৰ
দুখ দুৰ্দশাত জীৱন কটাও নাপাওঁ জীৱনৰ পাৰাপাৰ।
খাবলৈ নাপাওঁ শুবলৈ নাপাওঁ নাপাওঁ সুখৰ মাত
আনৰ পুতৌত জীৱন কটাও দুখে আগভেটে বাট।
ঠেঁটুৱৈ ধৰা মৰজাৰতো উদং গাৰে থাকো
লগ লগৰীয়া একোৱেই নাই উদং মোৰ বুকু।
পথৰ কাষত ঘুৰি ফুৰো কান্ধত জোলোঙা আঁৰি
ভিক্ষাৰ হাতখন আগবঢ়াই দিওঁ মুখত হাঁহি এটি আঁৰি।
দুখৰ মাজতো হাঁহি থাকো বিষাদৰ চকুলো ঢাকি
ভিক্ষা পালেই উজ্জ্বলি উঠে মুখ
ভিক্ষাৰ মোনাখন দেখি।
পথৰ দাঁতিত ঘূৰি ফুৰো মই অসহায় মগনিয়া
কান্ধত আঁৰি লোৱা ভিক্ষাৰ মোনাখনেই মোৰ লগৰীয়া।
✍️সঞ্জীৱ গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ