দিবাচোন অকনমান মৰম-অজন্তা দত্ত বৰা

Rinku Rajowar
0
মই মাথোঁ চাই ৰৈ
তোমাৰ মুখখনিলৈ
আছে নেকি এতিয়াও
সপোন এটা
তিৰবিৰ কৈ আকৌ জ্বলাব পৰা কৈ
মোৰ জীৱনৰ চাকি হৈ।
মই মোৰ সপোনক ভালপাওঁ অকলে
আলসুৱা মোৰ সপোনবোৰ
জীৱনৰ কোঁহে কোঁহে
মুক্ত বিৰহৰ জীৱনটো
আকাশত এজাক উৰি ফুৰাৰ চৰাই দৰেই ।
তথাপিও মনত নাই
বিৰহৰ বেদনা
তোমাক নেপাওঁ বুলি জানিও
পূজা কৰাৰ দৰেই
ৰাতিপুৱা গধুলি পূজা কৰিম তোমাক সদায়।
আঁতৰত থাকিলেও 
ভালপোৱা আমেজ আছে ।
ভাল লাগে তুমি কোৱা
কথাবোৰ ভাবিলে,
নিজকে সপোনৰ মাজত 
জীয়াই থাকিবলৈ
সাহস হৈ পৰোঁ মাজে মাজে ।
সঁচাকৈ যদি দিব খোজা
এমুঠি নিৰ্মল আকাশৰ দৰেই
সঁচা মৰম ভালপোৱা ।
সদায় জীৱনৰ লগৰী হৈ
কিজানিবা জীয়াই ৰাখে 
মোৰ আৰু তোমাৰ কলিজাৰ
স্পন্দন ।


◾অজন্তা দত্ত বৰা,নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)