লাচিত••ধনঞ্জয় দাস

Unknown
0
স্মৃতি সভা পাতি জাতি জনজাতি 
গোট খালে অসমৰ
দুৰ্মদ যৌৱন জগাই তুলিলা
বীৰ তুমি স্বদেশৰ
নৰ শোণিতেৰে কৰিছা ৰাঙলী
লুইতৰ বগাপানী
দেশৰ কাৰণে কাটিলা মোমাই 
ৰণ আৱাহন বাণী
লাচিত সেনাৰ দেখি ৰণছালি
চিন্তিত শত্ৰুৰ দল
হিলৈ-হেংদান খাৰ-বাৰুদেৰে
বিদেশী খেদোগৈ ব'ল
স্বদেশ প্ৰেমত আপোচ বিহীন 
লাচিত ফুকন তুমি
বহিৰাগতক পৰাজিত কৰি
তৰিলা অসম ভূমি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)