সময়ৰ যুদ্ধ••নাজবিন চুলতানা

Unknown
0
নভবাকৈ কেতিয়াবা জীৱনে ৰাস্তা সলাই 
লাগিলে সেয়া লক্ষ্যই হওক বা সপোনেই ,
মইতো ভবা নাছিলো যে
মোৰ ভাগ্যৰ অধ্যয়নত অৰ্থ যোগোৱা 
হাতখনেই থমকি যাব 
"আৰু নোৱাৰো বুলি " ।

সপোনবোৰ যে ৰাতিৰ
সৌ উজলি থকা গোলকটোত
সাঁচি ৰাখিছো বহুদিনৰ পৰা ,
সেয়ে জোনটোৱে প্ৰত্যেকটো দিনতে
সপোনবোৰ যে আছিল 
মনত পেলাই দিয়ে ।
কিন্তু ভবা নাছিলো
জোনটোত সাঁচি ৰাখিবলৈ ,
আপুনিও যে এটা সপোন হৈ পৰিব বুলি ।

পোৱা-নোপোৱাৰ খতিয়ানখন 
বৰ দীঘলীয়া ,
সময়ৰ সতে হোৱা যুদ্ধখনো
বৰ পুৰণা ,
এইবাৰো গোন্ধ পাইছো
নতুন সময়ে অনা
নতুন যুদ্ধৰ ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)