ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ২৩ •নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
জানুৱাৰী মাহ পালেহিয়েই । জীৱনৰ ৪৩ টা বসন্ত পাৰ হৈ গ'ল । বছৰৰ প্ৰথম দিনটোতেই নিৰ্মল কুমাৰ শৰ্মাৰ জন্ম হৈছিল । চৰকাৰী তথ্য অনুসৰি ১৯৮১ চনৰ ১ জানুৱাৰীত জন্ম হৈছিল । ঠিক ১৯৯৮ চনলৈকে সি নিজেই গম পোৱা নাছিল যে তেওঁৰ জন্ম বছৰৰ প্ৰথম দিনটোতেই হৈছিল । সেই বছৰতেই সি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বহিছিল । পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অনাৰ সময়তহে সি গম পাইছিল যে তাৰ জন্ম এক জানুৱাৰী ,  ১৯৮১ চনত হৈছিল । কেইবছৰমান সি জন্ম দিন পালন কৰিছিল যেতিয়া সি কলেজত পঢ়া শুনা কৰি আছিল । গ্ৰীটিংছ কাৰ্ড পঠাইছিল বহুতে ।  লগৰ বন্ধু বান্ধৱী কেইগৰাকীমান নিমন্ত্ৰণ কৰিছিল আৰু বছৰৰ আৰম্ভণিতে সকলোৱে লগে ভাগে এসাঁজ খাবলৈ পাই সকলোৱে ভাল পাইছিল । সেইসময়ত এতিয়াৰ দৰে বনভোজ খাই ঘুৰি ফুৰা নাছিল । সেইসম‌য়ৰ বন্ধু বান্ধৱীৰ তালিকাত থকা বেছিভাগেই এতিয়া অসম চৰকাৰৰ চাকৰিয়াল । মাত্ৰ দুই তিনিজনৰ হে চাকৰি নহ'ল । 

প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰা বন্ধু বান্ধৱী সকলৰ ভিতৰত এজনৰো এই পৰ্যন্ত চাকৰি হোৱা নাই । উচ্চ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰা বহুতৰে চাকৰি হৈছিল । উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী ল'বলৈ যোৱাৰ সময়ত লগ পোৱা লগ পোৱা বন্ধু বান্ধৱীসকল এতিয়া ডাঙৰ মানুহ । উকীল, প্ৰফেছাৰ , ইঞ্জিনিয়াৰ , বি এছ এফ , চি আৰ পি এফ , সাংবাদিক , বেংক কৰ্মচাৰী , জীৱন বীমা নিগমৰ এজেণ্ট বা অভিকৰ্তা আৰু শিক্ষক হিচাপে বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে । সি নিজেও বহুত বছৰ শিক্ষকতা বৃত্তিৰে জড়িত হৈ পৰিছিল । তাৰ লগতে ২০০৯ চনত ছাহাৰাৰ এজেণ্ট হিচাবে যোগদান কৰিছিল আৰু অৱশেষত ২০১৮ চনত সি ভাৰতীয় জীৱন বীমা নিগমৰ সৰুপথাৰ শাখাৰ এজেণ্ট হিচাবে যোগদান কৰিছিল ।  সেই বছৰতেই সি মেস্ট্ৰ  স্কুটি এখন লৈছিল। গোলাঘাট জিলাৰ পঞ্জীয়ন । স্কুটিখন লোৱাৰ বাবে তাৰ সুবিধা হৈছিল । গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল সি । এল আই চি ছাহাৰা আদিৰ লগতে পান কাৰ্ডৰ কামো কৰিছিল । মোটামুটি ভাৱে ব্যৱসায় ভালেই হৈছিল । এতিয়া এজেণ্টৰ সংখ্যা বৃদ্ধি হ'ল । গতিকে লাভজনক নোহোৱা হৈ পৰিছিল । যোৱা দুবছৰে ছাহাৰা ইণ্ডিয়া পৰিবাৰ কোম্পানীৰ কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ লেনদেন নোহোৱাৰ ফলত ছাহাৰাৰ আশা এৰিব লগীয়া হৈছিল । এতিয়া এল আই চি ৰ পৰাও উপাৰ্জন নোহোৱা হ'ল । গতিকে সকলো বাদ দি এতিয়া দোকান আৰম্ভ কৰাৰ কথা চিন্তা কৰিছিল । এতিয়া ছাৰৰ সলনি দোকানী হ'লহি । 
  
আগৰ দৰে এতিয়া আৰু সি জন্ম দিনৰ আয়োজন নকৰা হ'ল । ফেচবুকৰ জড়িয়তে প্ৰিয় বন্ধু বান্ধৱীসকলে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে । জন্ম দিন আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন তাতেই সীমাবদ্ধ হ'ল ।

( আগলৈ )
 ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন
( ত্ৰয়োবিংশ খণ্ড ) 
নবীন চন্দ্ৰ মেধি । 

এক জানুৱাৰীৰ দিনা ৰাতিপুৱাই সি মাংস অকণমান আনোগৈ বুলি চুঙাজান চাৰিআলিলৈ ওলাই আহিছিল । একে নামৰ দুজন লোকে মাংস বিক্ৰী কৰে । দুয়োজনলোকেই চিনাকি । এজনে গাহৰি মাংস বিক্ৰী কৰে আৰু আনজনে ব্ৰয়লাৰ মাংস বিক্ৰী কৰে । নিৰ্মল কুমাৰে গাহৰি মাংস নাখায় গতিকে মাছ আৰু ব্ৰয়লাৰ মাংস ল'লে । লগতে আদা ধনীয়া আৰু বিলাহী । নতুন বছৰৰ প্ৰথম দিনটোতেই এসাঁজ ভালদৰে খাওঁ বুলি ওলাই আহিছিল । 

গাহৰি বিক্ৰেতাজনৰ ওচৰত বহুত ভিৰ হৈছিল । সি আগবাঢ়ি গ'ল  । নিৰ্মল কুমাৰক দেখা পাই মাংস কিনিবলৈ ৰৈ থকা দিলীপ গগৈ নামৰ এজন গ্ৰাহকে ছাহাৰাৰ এজেণ্ট নিৰ্মলক দেখা পাই ছাহাৰাৰ খবৰ কি ?  পইছাবিলাক দিছেনে বুলি কৈ ওচৰত ৰৈ থকা দুজনমান লোকক ক'লে 

: ইহঁতৰ কোম্পানীয়ে মোৰ বহুত টকা মাৰি দিলে ,  ফকটীয়া কোম্পানী । 

লগে-লগে নিৰ্মল কুমাৰৰ খং উঠি গৈছিল । সি ভালদৰে এজাউৰি দি দিলে - 

: ইহঁতৰ কোম্পানীয়ে বুলি কৈছ যে ছাহাৰা ইণ্ডিয়া কোম্পানী কি মোৰ বাপৰ কোম্পানী নেকি ? ইমান দিনে মই স্কুলত মাষ্টৰ কৰি আছিলো যে সেয়া মোৰ বাপৰ স্কুল আছিল নেকি ? কথা অলপ চাই চিন্তি কবি । তই মোৰ কাষ্টমাৰ নহয় , মোৰ তাত তই এটকাও জমা থোৱা নাই ।  বা মই তোক ছাহাৰাত ধন জমা থ বুলি কোৱা নাই । গতিকে তই এই কথা মোক কোৱাৰ কোনো অধিকাৰ নাই । যাৰ ওচৰত টকা জমা কৰিছিলি তাক কবি গৈ । আৰু এটা কথা ছাহাৰাই টকা খাই পলাই যোৱা নাই । তোৰ বাপেৰেহঁতৰ চৰকাৰেহে ২৫,০০০ কোটি টকা খাই পলাই ফুৰিছে । দিম দিম বুলি কৈ এতিয়াও চৰকাৰে ছাহাৰা ইণ্ডিয়া কোম্পানী আৰু ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণক ঠগাই ফুৰিছে । যা নৰেন্দ্ৰ মোদী বাপেৰৰ ওচৰলৈ তোৰ টকা পাই যাবি । আৰু তই আজি এক জানুৱাৰীৰ দিনা ৰাতিপুৱাই এই কথা মোক কৈ মাথা গৰম কৰিছ যে তোৰ কি গাহৰি মাংস খাবলৈ হাতত ধন নাই নে কি ? মৰি যা তই খাবলৈ পোৱা নাই যদি । কেইটকা তোৰ ছাহাৰাত জমা আছে অ ? আমাৰ লাখ টকা হিচাপে জমা আছে । তোৰ দৰে ইমান চিন্তাত টোপনি খটি কৰি মৰা নাই । ছাহাৰা ইণ্ডিয়া কোম্পানী পলাই যোৱা নাই । তোৰ ধন উভতাই পাবি । চিন্তা কৰি নমৰিবি । কোম্পানীয়ে লৈছে যেতিয়া সম্পত্তি বিক্ৰী কৰি হ'লেও দিব  । 

ভালকৈ এজাউৰি দি সি তাৰ পৰা আতঁৰি আহি ব্ৰয়লাৰ মাংস ল'বলৈ লৈছিল । পুৱাই পুৱাই দিনটোলৈ আৰু নতুন বছৰৰ আৰম্ভণিতে যাত্ৰা ভংগ । সঁচাকৈ কিছুমান মানুহৰ আকাল জ্ঞান বোলা বস্তুৰ অভাৱ ।  ক'ত কেতিয়া কি কথা ক'ব লাগে , কি কথা ক'ব নালাগে সেই কথাও নাজানে । 

ব্ৰয়লাৰ মাংস আৰু ৰৌ মাছ লৈ পোনে পোনে সি ঘৰলৈ উভতি আহিছিল । বস্তুৰ মোনাখন ঘৰত থৈ পুনৰ দোকানলৈ বুলি ওলাই আহিছিল । সোনকালেই দোকান খুলিব লাগিছিল যদিও আজি দেৰি হ'ল । দোকান খুলি ধুপ চাকি জ্বলাই লৈছিলহে তেনেতে পদুলি মূৰতে ৰৈ এজন গ্ৰাহকে পিয়াঁজৰ দাম সুধিলে - 

: দোকানী পিয়াঁজৰ দাম কিমান ? 
: ৫০ টকা কেজি । 
: বজাৰত ৪০ টকাতে পায় । ৪০ টকা হয় যদি দিয়া আধা কেজি । 
: আপুনি বজাৰৰ পৰাই আনকগৈ যাওক । কাৰণ মই এইবোৰ পিয়াঁজ আজি কিনি অনা নহয় । তিনি সপ্তাহ আগতেই কিনি আনিছিলো । আৰু তেতিয়া ৬০ টকা কেজি আছিল । এতিয়া ৪০ টকা কেজি দিবলৈ হ'লে মোৰ দোকানৰ লাল বাতি জ্বলিবলৈ বেছি দিন নালাগে ।  গতিকে দামত কিনি অনা পিয়াঁজ গেলি যাওক নতুবা ঘৰতে খাম । 

মানুহজন আঁতৰি গৈছিল । সঁচাই যাত্ৰা ভংগ । আধা কেজি বা এপোৱা পিয়াঁজ ল'ব তাকো দৰদাম । প্ৰতিদিনে মদ খাওতে কিমান টকা পঠিয়াই আছে সেই কথা চিন্তা নকৰে ।  কিন্তু ওচৰৰে নিবনুৱা ল'ৰা এটাই শিক্ষকতা বাদ দি দোকান এখন ভাড়ালৈ লৈ খুলিবলৈ আৰম্ভ কৰিছে বোলে দুটকা এটা সিও পাওক বুলি ভৱা মানুহ নাই । গতিকে সস্তাতে দিয়াতকৈ গেলি যাওক । 

এনেও গাঁৱৰ বহুত লোকৰ লগত নিৰ্মল কুমাৰৰ ইমান ভাল সম্পৰ্ক নাই । এনেকুৱা হিংসাকুৰীয়া স্বভাৱৰ বাবে সি বহুত লোকক মাতবোল নকৰে । গাঁওখনৰ ভিতৰত হয়তো প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ল'ৰা আছিল সি । তথাপিও গাঁৱৰ ৰাইজৰ মৰম চেনেহ বুটলিবলৈ সক্ষম নোহোৱাত হতাশাত ভোগা ৰোগীৰ দৰে সি ঘৰতে থাকে । নামঘৰ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সামাজিক অনুষ্ঠানত আজিকালি আগৰ দৰে সি নাযায় । যাবলৈ বাদ দিছে সি । কি লাভ এনে কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰি । এইবোৰ অনুষ্ঠান ধনীৰ বাবেহে । যিয়ে দান দক্ষিণা আগবঢ়ায় সি আগস্থান পায় । লাগে সি ক বুলি ক'বলৈও নাজানক । 

এইখন সমাজত এতিয়া গুণী জ্ঞানী লোকৰ আদৰ নাই । কবি সাহিত্যিকৰ আদৰ নাই । আছে মাথো ধনী ব্যক্তি আৰু ৰাজনৈতিক নেতাৰ আদৰ । নিৰ্বাচন অহাৰ লগে-লগে গাঁৱৰ জনসাধাৰণে তিনি চাৰিটা দলত ভাগ ভাগ হৈ সাংসদ আৰু বিধান সভাৰ সদস্য পদৰ দাবীদাৰ লোকসকলক আদৰণি জনোৱা ব্যৱস্থা কৰিব । নামঘৰৰ ভিতৰত বহি ফটা লেকচাৰ মাৰিব । তাৰ পিছত ৰাইজলৈ দুই তিনি লাখ টকা দলিয়াই দি থৈ যাব । আৰু ক'ব

: ৰাইজ এইবাৰ আপোনালোকৰ বহুমূলীয়া ভোটবোৰ যাতে আন কাৰোবাৰ হাতলৈ নাযায় । আপোনালোকে অমুক চিনত ভোট দি আমাক জয় যুক্ত কৰিব বুলি আশা কৰিলো । আমাৰ জয় মানে আপোনালোকৰ জয় । 

তাৰ পিছত আৰু পাঁচ বছৰলৈ মন্ত্ৰী এম এল এ হৈ ৰাজগাদী দখল কৰিবলৈ সক্ষম হ'লে ৰাইজলৈ উভতি চোৱাৰ আহৰি নাপায় । আকৌ আহিব নিৰ্বাচনৰ টোপ দিবলৈ । এনেদৰে যুগ যুগ ধৰি চলি আছিল আৰু চলি থাকিব । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)