দুটি অজান পখী-ৰাণু ৰাজবংশী

@admin
0
দোকমোকালিৰ পুৱা
নিজৰাৰ দুটি পাৰত 
মাত্ৰ তুমি আৰু মই 
দুয়ো কথা পাতো
জনা আৰু নজনাৰ 
পোৱা আৰু নোপোৱাৰ 
বুকুত দুয়োৰো আছে
জীয়া জীয়া মৰমৰ জুই 
দুয়ো দুয়োকো বুজিব'লৈ
চেষ্টা কৰিছোঁ সঘনে
নিৰৱতাৰ কথা পাতিছো
কথা মাত্ৰ নিৰৱতাৰ 
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ......।
                                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)