মাঘৰ উৰুকা-বন্দনা চৌধুৰী

@admin
0
উৰুখা পজাত
এগছি চাকিয়ে
পাৰিব নে ভোগালীৰ
ভোক গুচাব্ ?
পোনাটিও যে নাই
পেটৰ তাড়নাত
বহিৰ্ৰাজ্যত কৰ্মৰত

উদং ঘৰখনত
ভৰি আছে মাথোঁ
এসাগৰ দুখ

হঠাৎ তাই থিয় হ'ল
দুচকুৰ পানী আচলেৰে মচি
"দুখেৰেতো পেটৰ ভোক নভৰে"
লাহে লাহে তাই
ওচৰ চাপি আহিল
গাঁৱৰ মেজি ঘৰৰ 
ভোজ ভাত খাবলৈ বুলি...।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)