ৰুমাল-লখিমী শৰ্মা

©Admin
0
আত্মঘাতী হ'বলৈ যিমানখিনি অবিশ্বাস লাগে , ঠিক সিমানখিনি বিশ্বাস নাথাকিলে আপোন পাহৰা হৈ জীয়াই থাকিবও নোৱাৰি । তথাপিও কওঁ । 
তুমি অকলশৰীয়া নহয় কাঞ্চন । আন বহুতৰে বিশ্বাসৰ তৰাং নৈত চাপৰি পৰে....
স্পৰ্শকাতৰ থিয় গৰাত অস্থিৰ জীৱন , ওলমি ৰয় বিপদসংকুল ধাতৱ শংকুৰ দৰে । জানা কাঞ্চন , মনটোও তোমাৰ পাঁজি আঙুলিত নচা ফুলবেজীটোৰ দৰেই ....
আগত ভাগিলে যহন - তহন ,
গুৰিত ভাগিলে লেঠা ।
থাকিলেও নেছানেছে ৰঙীন সূতা , গুৰি ভাগিলেনো কেনেকৈ সীবা ।
হেঁপাহৰ ৰুমালত , কেনেকৈ তুলিবা থুপি - থুপি গুটিফুল ।


কাৰোবাৰ বুকুত বিশ্বাসৰ বীজ সিঁচিলেও সঁচ উদং কৰি নিসিঁচিবা । 
ভঁৰাল ভৰাব পৰাকৈ নহ'লেও খাই বৈ জীয়াই থাকিব পৰাকৈ কিছু সঁচ ৰাখিবা আছুতীয়াকৈ । 


তুমিটো জানাই কাঞ্চন ।
মনৰ উত্তাপত ঘাম সৰাৰ কথা .....
আৰু মনৰ জাৰত সৰা চকুলোৰ বেথা .....
কাকো নযচাকৈ এখন ৰুমাল
 নিজলৈ যতনাই থ'বা ।


আজিকালি একো ঠিক নাই ।
জাৰো নামিব পাৰে , জহো আহিব পাৰে । 
জীৱন পৰায়ণ হৈ তুমি আগবাঢ়ি যাব লাগিবই । যাত্ৰা শুভ হওঁক । অকলশৰীয়া বুলি ভয় নকৰিবা কাঞ্চন । তোমাৰ ছাঁ একান্ত বিশ্বাসী সহচৰ । আগবাঢ়া...


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)