বুকুৰ ভাঁজত নূপুৰ বজাই
উৰিছে মগজুত ফাগুনী চিলা
মনাকাশত ঘন কুঁৱলী হৈ আৱৰিছে
সূৰুযৰ চৌদিশে বিষাদ ছাঁ-------
মনৰ ৰ'দ-বৰষুণে সলাই যেন
সপোনৰ বৃন্দাবন
যমুনাৰ পাৰত ৰাধাৰ বিননি
কানাইৰ বাঁহী আৰু নাবাজেই তাত
সেমেকি উঠিছে বিৰহ-যন্ত্ৰণাত
গোপ গোপীৰ য’ত মন উন্মনা হৈ
কানাইৰ উৎকণ্ঠাত ৰাধাৰ কলিজা
নীৰৱ প্ৰতীক্ষাই খুলি খায়
কানাইৰ বাঁহী বাজে মুখৰিত হৈ
আজিও যেন জগত জুৰি ৰজনজনাই
বুকুৰ ভাঁজত ৰাধাৰ নূপুৰ বাজে
যমুনা তীৰত ৰাধাৰ কানাই আৰু নাই
বিষাদে বেৰি বেৰি ধৰে ৰাধাৰ মন গহণত
ৰাতি ৰাতি আজিও দেখোঁ যমুনা তীৰত
ৰাধা যেন বিৰহত উচপি উঠে
কানাই বিহীন ৰাধাৰ বুকুত বয়
দুখৰ স্ৰোতস্বিনী যমুনা নৈ
জোনাক বিহীন ৰাধাৰ মনাকাশত যেন
আৱৰে কলীয়া মেঘৰেই ছাঁ------!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ